/asomiyapratidin/media/media_files/2025/05/30/uC8CiZvdSfquvpwXXx1P.jpg)
প্ৰতিষ্ঠিত ব্যৱসায়ী কামাখ্যা চাহুৰ দেহাৱসান
ডিজিটেল সংবাদ, বালিজানঃ অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ যুটীয়া সম্পাদক গোপাল চাহুৰ পিতৃ, বালিজান নিবাসী কামাখ্যা চাহু(৮৩)ৰ বৃহস্পতিবাৰে নিশা ১১.৩০ বজাত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী, কৃষক, সমাজ সেৱক আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ বালিজান অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।
তেওঁৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক কমলজিৎ দত্ত, বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক ধ্ৰুৱ বৰা প্ৰমুখ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু সদস্যই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।