শোণিতপুৰত চোৰাং তেল ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

শোণিতপুৰ জিলাত চোৰাং তেল ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই এক অভিযান ৷ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰু জামুগুৰিহাটত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে তিনিখনকৈ টেংকাৰৰ লগতে

author-image
Asomiya Pratidin
New Update
শোণিতপুৰ জিলাত চোৰাং তেল ব্যৱসায়ীৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান

ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰ জিলাত চোৰাং তেল ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই এক অভিযান ৷ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰু জামুগুৰিহাটত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে তিনিখনকৈ টেংকাৰৰ লগতে এই চোৰাং তেলৰ ব্যৱসায়ীৰ লগত জড়িত দুজনকৈ লোক ৷

Advertisment

চাৰিদুৱাৰ আৰক্ষীয়ে দলংবস্তিৰ ৰাম পেট্ৰল পাম্পৰ পৰা AS01LC 1950 নম্বৰৰ টেংকাৰ আৰু ৰঙাপৰা নায়াৰা পেট্ৰল পাম্পৰ পৰা AS01VC 2742 নম্বৰৰ টেংকাৰখন জব্দ কৰাৰ লগতে চোৰাং তেল ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড চাৰিদুৱাৰ গৰমৰাৰ ৰাম বাহাদুৰ সোনাৰ ওৰফে ৰামুক গ্ৰেপ্তাৰ কৰিছে ৷ ইফালে দুদিন পূৰ্বে জামুগুৰিহাটৰ টুপিয়াত AS12E 8941 আৰু AS25 OC 7590 নম্বৰৰ টেংকাৰ দুখন জব্দ কৰে ৷

এই ঘটনাত জড়িত অখিলেষ ৰায় আৰু গুনেশ্বৰ চাহুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ভাৰতীয় সেনা বাহিনীৰ বাবে আৱন্টিত এই তেল অৰুণাচললৈ নিব লাগে যদিও এজন দলবাগৰি ফুৰা ৰাজনৈতিক নেতাৰ নেতৃত্বতে শোণিতপুৰৰ বিভিন্ন ঠাইত চলি আছে তেলৰ চোৰাং বেহা ৷

উল্লেখ্য যে ৰাম বাহাদুৰ সোনাৰ ওৰফে ৰামুয়ে যোৱা ৩ মে’ ত নগাও জিলাৰ ৰহাৰ এখন মুকলি সভাত কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল ৷ সেই সভাতেই পাৰ্থ প্ৰতিম বৰাৰ নেতৃত্বত ৰামুয়ে কংগ্ৰেছত যোগদান কৰিছিল গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছ দলত ৷

কিদৰে শোণিতপুৰত চলি আছে চোৰাং তেলৰ ৰমৰমীয়া বেহা ? জামুগুৰিহাটৰ টুপিয়াৰ পৰাই নিয়ন্ত্ৰণ হয় নেকি কংগ্ৰেছী নেতাজনৰ নেতৃত্বত চোৰাং তেলৰ ৰমৰমীয়া বেহা ? ইয়াকেলৈ এতিয়া সচেতন মহলে প্ৰশ্ন তুলিছে।

tezpur