/asomiyapratidin/media/media_files/2025/05/27/1qESjPWAWVNjWXhvABxk.jpg)
কৈৱৰ্ত্ত মহিলা সভাৰ নবিল শাখা সমিতি গঠন
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ তৌভঙা নবিল গাঁৱৰ নামঘৰত মঙলবাৰে কৈৱৰ্ত্ত মহিলা সভা অসমৰ এখন বৃহৎ সভা অনুষ্ঠিত হয় ৷ কৈৱৰ্ত্ত মহিলা সভাৰ কেন্দ্ৰীয় সভানেত্ৰী ৰূপালী দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে কেন্দ্ৰীয় সংগঠনিক সম্পাদিকা সোণালী দাস ভৰালিয়ে ৷
কৈৱৰ্ত্ত মহিলা সভা অসমৰ দ্বাৰা জামুগুৰিহাটৰ নবিল গাঁৱৰ সৰবৰাহী মহিলা সমাজকৰ্মী প্ৰয়াত অমিনা দাস ৰ নামত উৎসৰ্গা কৰি সতী ৰাধিকা দিৱস উপলক্ষে প্ৰকাশিত তেজস্বিনী নামৰ মূখপত্ৰ খনি এই সভাতেই কৈৱৰ্ত্ত মহিলা সভাই প্ৰয়াত অমিনা দাসৰ পৰিয়ালবৰ্গৰ হাতত আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে৷ সভাত পৰিয়াটিৰ অন্যতম সদস্য তথা পুত্ৰ বিশিষ্ট সমাজকৰ্মী উত্তম দাসক কৈৱৰ্ত্ত মহিলা সভা অসমৰ তৰফৰ পৰা ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনাও জ্ঞাপন কৰা হয়।
এই সভাতে কৈৱৰ্ত্ত মহিলা সভাৰ নবিল শাখাৰ ২১ জনীয়া এখনি নতুন সমিতি গঠন কৰি কুসুম দাসক সভানেত্ৰী আৰু ৰীণা দাসক সম্পাদিকা হিচাবে সৰ্ব্বসন্মতি ক্ৰমে নিৰ্বাচিত কৰি দ্বায়িত্বভাৰ অৰ্পণ কৰে। গুৰুত্বপূৰ্ণ সভাখনিত কেন্দ্ৰীয় সহ:সম্পাদিকা বন্তি হাজৰিকা আৰু সাংস্কৃতিক সম্পাদিকা জ্যোতিমনি দাসৰ লগতে স্থানীয় আইমাতৃ সকলেও অংশগ্ৰহণ কৰে৷