/asomiyapratidin/media/media_files/2025/05/29/F8lYhzBmpmtYHCrq5wrj.jpg)
চাৰিমাহে বন্ধ ৰঙাপৰাৰ টেঙাবিল জল জীৱন মিছন আঁচনি
ডিজিটেল সংবাদ, জামুগুৰিটহাট : বিগত চাৰিমাহ ধৰি বন্ধ হৈ আছে ৰঙাপৰাৰ এখন পানী যোগান আঁচনি। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা একাংশ পানী যোগান আঁচনি সম্প্রতি ধোঁৱাচাঙত পৰিণত হোৱাৰ অভিযোগ উঠিছে।
শোণিতপুৰ জিলাৰ ৰঙাপৰাত ইখনৰ পিছত সিখনকৈ জল জীৱন আঁচনি বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। ৰঙাপৰাৰ টেঙাবিল গাঁৱত চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা জল জীৱন আঁচনিখন সম্প্ৰতি বন্ধ হৈ আছে।
ৰঙাপৰাৰ বিদ্যুৎ উপ সংমণ্ডল কার্যালয়ে আঁচনিখনৰ সৈতে থকা বিদ্যুৎ সেৱা কৰ্তন কৰি দিয়াৰ পিছৰে পৰাই পানী যোগান আঁচনিখন অচল হৈ পৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ ১ নং সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনত টেঙাবিল জল জীৱন মিছন আঁচনিখন ৰূপায়ণ কৰা হৈছিল। যাতে বৃহত্তৰ অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী লাভ কৰে।
পৰিতাপৰ বিষয় যে বিভাগীয় কর্তৃপক্ষই বিদ্যুৎ বিভাগক বিদ্যুতৰ মাছুল পৰিশোধ নকৰাৰ বাবেই বৰ্তমানৰ সময়ত পানী যোগান আঁচনি বন্ধ হোৱাৰ অভিযোগ উঠিছে। টেঙাবিল জল জীৱন মিছন আঁচনিখনৰ নামত ৩৯ হাজাৰ ৫৫৬ টকা বিদ্যুৎ মাছুল প্ৰেৰণ কৰিছিল বিদ্যুৎ বিভাগে।
জনস্বাস্থ্য কাৰিকৰী বিভাগে আঁচনিখনত ব্যৱহৃত হোৱা বিদ্যুতৰ মাছুল বিভাগটোক পৰিশোধ নকৰাৰ পৰিপ্ৰেক্ষিতত আঁচনিখন বন্ধ হৈ পৰে। আঁচনিখনত জলমিত্ৰ হিচাপে কৰ্মৰত বুধুৰাম টুডুয়ে আঁচনিখনত বিদ্যুৎ সংযোগ আৰু মেৰামতি কৰাৰ বাবে বিভাগীয় কর্তৃপক্ষক জনাই আহিছিল যদিও এই বিভাগীয় কর্তৃপক্ষই কাণসাৰ নিদিয়াৰ আন এক অভিযোগ উঠিছে।
উল্লেখযোগ্য যে, চাৰিমাহ ধৰি টেঙাবিল গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। শীঘ্ৰেই বিদ্যুৎ বিভাগক অনাদায় হৈ থকা মাছুল পৰিশোধ কৰি শীঘ্ৰেই ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনাইছে টেঙাবিল গাঁৱৰ ৰাইজে।