অসম

খুমটাইত গছপুলি ৰোপন প্ৰতিযোগিতাৰ বটাঁ বিতৰণী সভাত যাদৱ পায়েং

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট: “এক বৃক্ষ শত পুত্ৰ সম” আদ্য বাক্যশাৰী যেন আখৰে আখৰে পালন কৰিবলৈ চেষ্টা খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ৷ এখন সেউজীয়া খুমটাই গঢ়াৰ লক্ষ্যৰে বিধায়কগৰাকীয়ে বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৫ জুনৰ পৰা ৩১ আগষ্টলৈকে বৃক্ষৰোপন আৰু প্ৰতিপালন প্ৰতিযোগিতা অনুস্থিত কৰিছিল৷

দেওবাৰে খুমটাই সমষ্টি ভিত্তিত অনুস্থিত কৰা এই প্ৰতিযোগিতাখনৰ ফলাফল ঘোষনা আৰু পুৰস্কাৰ প্ৰদান কৰা হয় ৷ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত অনুস্থিত হোৱা এই সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰদান তাচা, ঋষিকেশ গোস্বামী আৰু সাংবাদিক নিতুমনি শইকীয়া৷

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি অৰণ্য মানৱ যাদৱ পায়েঙে সকলো বিধায়ককে এইধৰণৰ পদক্ষেপ গ্ৰহণ কৰি সেউজ অসম গঢ়িবলৈ অনুৰোধ জনাই৷ খুমটাই সমষ্টি ভিত্তিত অনুস্থিত হোৱা এই প্ৰতিযোগিতাখনত মুঠ দহটা বঁটা প্ৰদান কৰা হয়৷

বৰ্তমান পুৰস্কাৰসমূহত নগদ ধন ৭০% প্ৰদান কৰা হয় আৰু ৩০% বহাগ মাহত পুনৰ বিচাৰকে গছপুলিসমূহ পৰীক্ষা কৰাৰ পিছত প্ৰদান কৰা হ’ব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে৷

বৃক্ষ উৎসৱ, স্বচ্ছ গাঁও প্ৰতিযোগিতাৰ পাছত এখন সেউজীয়া খুমটাই গঢ়াৰ লক্ষ্যৰে এইবাৰ বৃক্ষৰোপণ আৰু প্ৰতিপালন প্ৰতিযোগিতা অনুস্থিত কৰাক প্ৰশংসা কৰে অৰণ্য মানৱ যাদৱ পায়েংঙে ৷ অন্যহাতে সাংসদ কামাখ্যা প্ৰসাদ তাচাই উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৰ্তমান চৰকাৰৰ বনমন্ত্ৰী গৰাকীক লগতে বন বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰে।