হোজাইত পতি-পত্নীয়ে মিলি চলাইছে লুন্ঠনঃ আটক হানি ট্ৰেপিঙৰ নায়িকা..

চক্ৰটোৰ নায়িকা গৰাকীৰ ঘৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত জয়নগৰত। চক্ৰটোৱে প্ৰথমে বন্ধুত্ব ,তাৰ পিছত প্ৰেমৰ প্ৰস্তাৱ,পিছত অশ্লীল প্ৰস্তাৱ দি অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি বিভিন্নজনৰ পৰা সৰকাইছিল লাখ লাখ টকা। 

author-image
Asomiya Pratidin
New Update
hojai

ডিজিটেল সংবাদ,ডবকা:  হোজাই জিলাৰ এটা কুখ্যাত হানি ট্ৰেপিং চক্ৰৰ জালত বহু সম্ৰান্ত পৰিয়ালৰ লোকৰ লগতে প্ৰতিষ্ঠিত ব্যৱসায়ী ৷ অৱশেষত হানি ট্ৰেপিং চক্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে হোজাই আৰক্ষীয়ে। হোজাই  জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নিৰ্দেশত হোজাই আৰক্ষীয়ে এগৰাকী সুন্দৰী মহিলাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চক্ৰটোৰ নায়িকা গৰাকীৰ ঘৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত জয়নগৰত। চক্ৰটোৱে প্ৰথমে বন্ধুত্ব ,তাৰ পিছত প্ৰেমৰ প্ৰস্তাৱ,পিছত অশ্লীল প্ৰস্তাৱ দি অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি বিভিন্নজনৰ পৰা সৰকাইছিল লাখ লাখ টকা। 

চক্ৰটোৰ জালত ভৰি দিছিল প্ৰতিষ্ঠিত ব্যৱসায়ী, এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত ১২৪/২০২৫ নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি হোজাই আৰক্ষীয়ে দেওবাৰে আদালতত হাজিৰ কৰি এদিনৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত লয়। ইফালে যোৱা নিশা মহিলা গৰাকীৰ স্বামীৰ ডবকাস্থিত নাহাৰ গাঁৱত আৰক্ষীয়ে অভিযান চলাই যদিও বিফল হয়। 

আজি মহিলা গৰাকীক হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে ৷ আৰক্ষীৰ জালত পৰাৰ পিছত মহিলাগৰাকীয়ে নাম লৈছে চক্ৰটোৰ সৈতে জড়িত থকা স্বামী হুছেইন আহমেদ, ভাতৃ বিল্লাল আহমেদ আৰু দিল্লীৰ আশিস কুমাৰ নামৰ এজন লোকৰ। মহিলা গৰাকীৰ ভাষ্য মতে স্বামী আৰু ভাতৃয়ে মিলি বলপূৰ্বক বিভিন্ন জনৰ সৈতে অশ্লীল ভিডিঅ' প্ৰস্তুত কৰাই ভাইৰেল কৰাই দিয়াৰ নামত তেওঁলোকে ধন দাবী কৰে।

 মহিলা গৰাকীয়ে স্বামীৰ বিৰুদ্ধে ডবকা থানাত পূৰ্বে এজাহাৰ দিছিল বুলিও সদৰি কৰিছে মহিলা গৰাকীয়ে ৷ দুই সন্তানৰ মাতৃ গৰাকীৰ স্বামীৰ সৈতে সংঘাত লগাত স্বামী স্ত্ৰীৰ আপত্তি জনক ফটো স্বামীয়ে ভাইৰেল কৰি দিয়া বুলি ডবকা থানাত দিয়া এজাহাৰত উল্লেখ কৰিছে ৷ স্বামী- স্ত্ৰীৰ লগত সংঘাত লগাৰ বাবেই সমগ্ৰ হানি ট্ৰেপিং চক্ৰটো পোহৰলৈ আহিছে বুলি চৰ্চা চলিছে ৷

হোজাই