/asomiyapratidin/media/media_files/2025/05/19/Q0YLNdO7PVUJjLppcLGf.jpg)
গ্ৰেপ্তাৰ ভুৱা হোমিও চিকিৎসক।
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিছাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ভুৱা হোমিও চিকিৎসকক। আসাম কাউন্সিল অফ মেডিকেল ৰেজিচষ্ট্ৰেচনৰ এণ্টি কোৱাকেৰী আৰু ভিজিলেন্স বিষয়া ডা০ অভিজিত নেওগৰ নেতৃত্বত এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকগৰাকীক। ৫১/২০২৫ নম্বৰৰ গোচৰত ৰুজু হোৱা এটি গোচৰৰ ভিত্তিত ভুৱা হোমিও চিকিৎসক সবিতা দাসক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিব দিয়ে।
তেজপুৰ নিৱাসী সবিতা দাসে বিগত প্ৰায় ৩ বছৰ ধৰি কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত কৰ্মৰত আছিল। বিকল্প চিকিৎসা আৰু কম্পাউণ্ড হোমিঅ’পেথী ৰাষ্ট্ৰীয় শিক্ষা ব’ৰ্ড, অসম পৰা ডিপ্লোমা আৰু পশ্চিম বঙ্গৰ কাউন্সিল অফ অলটাৰনেটিভ চিষ্টেম অফ মেডিচিন প্ৰতিষ্ঠানৰ পৰা সবিতা দাসে লাভ কৰা পঞ্জীয়ন প্ৰমাণ পত্ৰ বৰ্ড অৱ হোমিঅ'পেথিক চিষ্টেম অৱ মেডিচিনছ ,অসম ৰ স্বীকৃতিপ্ৰাপ্ত নহয় বুলি যোৱা ৮ মে' ২০২৫ তাৰিখে বৰ্ড অৱ হোমিঅ'পেথিক চিষ্টেম অৱ মেডিচিনছ ,অসমৰ পঞ্জীয়ক ডঃ দ্বীপেন বৰুৱাই আসাম কাউন্সিল অফ মেডিকেল ৰেজিচষ্ট্ৰেচনৰ এণ্টি কোৱাকেৰী আৰু ভিজিলেন্স বিষয়া ডা অভিজিত নেওগলৈ স্পষ্ট কৰি পত্ৰ প্ৰেৰণ কৰে। তাৰপাছতে দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় ভুৱা হোমিও চিকিৎসক সবিতা দাসক।
উল্লেখযেগ্য যে, অসম চৰকাৰৰ শ্ৰম আয়ুক্তালয়ৰ অধীনস্থ তেজপুৰৰ বাগিছা স্বাস্থ্য পৰিদৰ্শক ডঃ অপূৰ্ব কুমাৰ শৰ্মাই ২৫ মাৰ্চ ২০২৫ তাৰিখে দায়িত্বভাৰ গ্ৰহণ কৰি দুগৰাকীকৈ ভুৱা চিকিৎসকক চিনাক্ত কৰিছিল। ডঃ অপূৰ্ব কুমাৰ শৰ্মাই ৪ এপ্ৰিল ২০২৫ তাৰিখে দুয়োগৰাকী ভুৱা চিকিৎসক সন্দৰ্ভত পত্ৰ লিখিছিল।
পত্ৰখনত উল্লেখ কৰা হৈছিল যে, শোনিতপুৰ জিলাৰ পানবাৰী চাহ বাগিছাত চৰকাৰে বিগত তিনি বছৰ ধৰি চাকৰি কৰি থকাৰ লগতে ধেৰাই চাহ বাগিচাত ভিজিটিং ডাক্টৰ হিচাপে আৰু বুঢ়াপাহাৰ চাহ বাগিচাত সবিতা দাসে বিগত তিনি বছৰ ধৰি কৰ্মৰত হৈ আছে। দুয়োগৰাকীকে ভুৱা চিকিৎসক বুলি চিনাক্ত কৰি ডক্টৰ অপূৰ্ব কুমাৰ শৰ্মাই পত্ৰ লিখাৰ পিছতে দেওবাৰে আসাম কাউন্সিল অফ মেডিকেল ৰেজিচষ্ট্ৰেচনৰ এণ্টি কোৱাকেৰী আৰু ভিজিলেন্স বিষয়া ডা অভিজিত নেওগৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে। দেওবাৰে সবিতা দাসক গ্ৰেপ্তাৰ কৰি জখলাবন্ধা আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ অন্তত অধিক তদন্তৰ খাতিৰত নগাঁও সদৰ আৰক্ষী থানালৈ লৈ যায়।