সৰ্বাধিক পৰ্যটকে পৰিদৰ্শন কৰা ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত কাজিৰঙা...

বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ চলিত পৰ্যটন বৰ্ষত সম্পূৰ্ণৰূপে পৰ্যটকৰ বাবে বন্ধ হোৱাৰ পিছত আজি উদ্যান কৰ্তৃপক্ষই সদৰী কৰিছে এক বিশেষ তথ্য।

author-image
Tushar Pratim
New Update
সৰ্বাধিক পৰ্যটকে পৰিদৰ্শন কৰা ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত কাজিৰঙা...

ডিজিটেল সংবাদ কাজিৰঙাঃ পৰ্যটকে সৰ্বাধিক পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান দখল কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা ৰাষ্ট্ৰীয় উদ্যানখন চলিত পৰ্যটন বৰ্ষত সম্পূৰ্ণৰূপে পৰ্যটকৰ বাবে বন্ধ হোৱাৰ পিছত এই তথ্য সদৰী কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

Advertisment

উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ২০২৪-২৫ পৰ্যটন বৰ্ষত মুঠ ৪ লাখ ৪৩ হাজাৰ পৰ্যটকে পৰিদৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান‌। ইয়াৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ প্ৰায় ১১ কোটি বুলি সদৰী কৰিছে সঞ্চালক ড০ সোণালী ঘোষে।

পূৰ্বৰ বৰ্ষৰ তুলনাত এইবেলি ৩৫ শতাংশ পৰ্যটক বৃদ্ধিত আনন্দিত উদ্যান কৰ্তৃপক্ষ। আনহাতে পোন প্ৰথমবাৰৰ বাবে ১৮ হাজাৰ বিদেশী পৰ্যটকে দৰ্শন কৰিলে ৰাষ্ট্ৰীয় উদ্যানখন।

বিগত বৰ্ষৰ তুলনাত ২৫ শতাংশ অধিক বিদেশী পৰ্যটকে এইবাৰ দৰ্শন কৰিলে কাজিৰঙা। উল্লেখ্যে যে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক পৰ্যটকে দৰ্শন কৰা ৰাষ্ট্ৰীয় উদ্যানৰ শীৰ্ষত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

স্মৰ্তব্য, যোৱা বৰ্ষৰ ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।চলিত পৰ্যটন বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশ- বিদেশৰ বহু পৰ্যটক৷

এশিঙীয়া গঁড়কেন্দ্ৰীক পৰ্যটনৰ বাবেই বিখ্যাত কাজিৰঙাত অৱশ্যে সদ্য সমাপ্ত পৰ্যটন বৰ্ষত পৰ্যটকৰ অন্যতম মূখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল সোণালী বাঘ৷ কাজিৰঙাত সোণালী বাঘ দৰ্শন কৰি আনন্দিত হৈ পৰিল প্ৰায় প্ৰতিগৰাকী পৰ্যটক।

এই পৰ্যটন বৰ্ষটো পৰ্যটকৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বাবে এটা সফল পৰ্যটন বৰ্ষ হিচাপে পৰিগণিত হ’ল৷ ইফালে পূৰ্বতে এপ্ৰিল-মে’ মাহত পৰ্যটকৰ আগমনৰ সংখ্যা কমে যদিও এই বৰ্ষত বৃদ্ধি পালে পৰ্যটকৰ সংখ্যা ৷ 

মন কৰিবলগীয়া যে, যোৱা ৩০ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্ধ কৰা হৈছিল হাতী চাফাৰী। তাৰ পিছত ১৯ মে' ৰ পৰা সমাপ্ত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা অসম পৰ্যটন