/asomiyapratidin/media/media_files/2025/05/19/sORrbWRylzsIW06FryXO.jpg)
ডিজিটেল সংবাদ লখিমপুৰঃ লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুং মুখ ৰেঞ্জত ২০মে'ৰ পৰা ৩১আগষ্টলৈ বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচালনাৰ বাবে উল্লেখিত স্থান সক্ৰিয়কৰণ কৰা হৈছে৷ এই সময়ছোৱাত ভাৰতীয় সেনাবাহিনীয়ে বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচলনা অনুশীলন কৰিব৷
লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগে এক নিৰ্দেশনা যোগে উক্ত সময়ছোৱাত দুলুং মুখৰেঞ্জ এলেকাত সাধাৰণ জনতাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে৷ প্ৰশাসনে উক্ত নিদেৰ্শনাৰ জৰিয়তে কোনোধৰণৰ অশুভ পৰিঘটনাৰ পৰা হাত সাৰিবলৈ আৰু জীৱন আৰু সম্পত্তিৰ আঘাত বা ক্ষতি ৰোধ কৰিবলৈ এই ঘোষণাৰে স্থানীয় জনসাধাৰণক সজাগ কৰিছে৷
উল্লেখ্য যে ভাৰতীয় বায়ু সেনাৰ অনুশীলন ঘাটি দুলুং মুখ দুলুঙত সুখয়ৰ অনুশীলন হয়৷ তেজপুৰ সামৰিক ঘাটিৰ পৰা বিমান আহি অনুশীলন কৰি গুছি যায়৷ এইবাৰ প্ৰথমবাৰৰ বাবে ইয়াত ৰকেট আৰু আকাশ মাৰ্গেৰে গুলীচালনাৰ অনুশীলন হ’ব৷ চীনৰ পাকিস্তান প্ৰীতিৰ পাছত তৎপৰতা দেশৰ গৃহ মন্ত্ৰালয়ৰ।