অসম কন্যা বৰষা বৰঠাকুৰলৈ ‘এচিভাৰ্ছ অনাৰ্ছ’ শীৰ্ষক বিশেষ সন্মান

অসম কন্যা তথা বৰ্তমান বৃত্তিগত কাৰণত বৃটেইনত স্থায়ীভাৱে বসবাস কৰা বৰষা বৰঠাকুৰক বৃটীছ সংসদ, প্লেছ অৱ ৱেষ্ট মিনিষ্টাৰ্ছত বিশেষভাৱে সন্মানিত কৰা হৈছে। আন্তৰ্জাতিক স্তৰত বিশেষ খ্যাতি অৰ্জন কৰা বৰষা বৰঠাকুৰ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বৰষা বৰঠাকুৰলৈ ‘এচিভাৰ্ছ অনাৰ্ছ’ শীৰ্ষক বিশেষ সন্মান

বৰষা বৰঠাকুৰলৈ ‘এচিভাৰ্ছ অনাৰ্ছ’ শীৰ্ষক বিশেষ সন্মান

ডিজিটেল ডেস্ক : অসম কন্যা তথা বৰ্তমান বৃত্তিগত কাৰণত বৃটেইনত স্থায়ীভাৱে বসবাস কৰা বৰষা বৰঠাকুৰক বৃটীছ সংসদ, প্লেছ অৱ ৱেষ্ট মিনিষ্টাৰ্ছত বিশেষভাৱে সন্মানিত কৰা হৈছে। আন্তৰ্জাতিক স্তৰত বিশেষ খ্যাতি অৰ্জন কৰা বৰষা বৰঠাকুৰ হ’ল অসমৰ ৰিজ’নেল জিঅ’ চায়েন্স লেব’ৰটৰীৰ মুৰব্বী মহাপ্ৰৱন্ধক ড০ জ্যোতি বৰঠাকুৰ আৰু প্ৰখ্যাত নিৰ্মাণ অভিযন্তা সঞ্জীৱ বৰঠাকুৰৰ কন্যা।

Advertisment

গুৱাহাটীৰ আইন বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত যোধপুৰৰ নেচনেল ল’ ইউনিভাৰ্চিটীৰ পৰা এল এল এমত স্বৰ্ণ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা ছাত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত লণ্ডনৰ কুইন মেৰী ইউনিভাৰ্চিটীত গৱেষণা আৰম্ভ কৰি ইতিমধ্যে পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে। সম্প্ৰতি তেওঁ চাউথ এম্পট্ৰন বিশ্ববিদ্যালয়ত স্থায়ীভাৱে আৰু ইউনিভাৰ্চিটী অৱ ৱেষ্ট মিনিষ্টাৰ্ছকে ধৰি অন্যান্য বিশ্ববিদ্যালয়তো অতিথি প্ৰৱক্তাৰূপে কাম কৰি আছে।

ভাৰত- বৃটেইন সম্পৰ্ক মজবুত কৰা, শিক্ষা গৱেষণা, জলবায়ু পৰিৱৰ্তনকে ধৰি আন্তৰ্জাতিক প্ৰশাসন, সাংস্কৃতিক বিকাশ, জননীতি গঠন আদি ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবেই আন্তৰ্জাতিক স্তৰত তেওঁক এই বিশেষ সন্মান প্ৰদান কৰা হৈছে। 

উল্লেখযোগ্য যে, বৃটীছ কাউন্সিল তথা বৃটেইন চৰকাৰৰ অধীনস্থ ডিপাৰ্টমেণ্ট অৱ বিজনেছ এণ্ড ট্ৰেইড, দা ৱাইডাৰ ইউ কে হায়াৰ এডুকেশ্যন, ইউনিভাৰ্চিটী অৱ ইউ কে ইণ্টাৰনেচনেলৰ যৌথ সহযোগত গঠিত সংস্থাই পৃথিৱীৰ বিশিষ্ট গৱেষক, পণ্ডিতসকলৰ উপস্থিতিত বৰষা বৰঠাকুৰক চলিত বৰ্ষৰ ‘ACHIEVERS HONOSRS’ শীৰ্ষক এই সন্মান প্ৰদান কৰে। অসম কন্যা এগৰাকীয়ে আন্তৰ্জাতিক পৰ্যায়ত এনেদৰে সন্মানিত হোৱা ঘটনা অসমৰ ৰাইজৰ বাবেও গৌৰৱৰ বিষয়।

award