/asomiyapratidin/media/media_files/2025/05/19/gxDKbZCMZMZzc8zmhP5F.jpg)
প্ৰধানশিক্ষক অনিল কলিতাৰ বিদায় সভা
ডিজিটেল সংবাদ, পলাশবাৰী : দক্ষিণ কামৰূপৰ ৰামপুৰ শিক্ষাখণ্ড অন্তৰ্গত ৩১ নং দহালী প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষক অনিল কলিতাৰ চাকৰি জীৱনৰ অন্তিম ক্ষণত উপনীত হোৱাত বিদ্যালয় কৰ্তৃপক্ষ আৰু অঞ্চলটোৰ ৰাইজে আনুষ্ঠানিকভাৱে অলপতে এক বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে। বিদ্যালয় প্ৰেক্ষাগৃহত মন্টু কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা তথা আঁত ধৰে বিদ্যলয়খনৰ প্ৰাক্তন সভাপতি বৰুণ চন্দ্ৰ নাথে ।
বিদায়ী সম্বৰ্ধনা সভাত তেওঁৰ সুদীৰ্ঘ কৰ্মময় জীৱনৰ অৱসৰ গ্ৰহণৰ মুহূৰ্তত এটি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজৰে তেওঁক ফুলাম গামোচা, ধৰ্ম পুথি, শৰাই, ফুলৰ থোপাৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ বিষয়বাবীয়া সৰস্বতী ঠাকুৰীয়াই ভাষণত প্ৰসংগত কয় - গুৰু শব্দটো অতি গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ। গুৰু অবিহনে আমি আগবাঢ়ি যাব নোৱাৰো।
লগতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গীতিকা নাথ, সমাজকৰ্মী হোমেন মেধি, প্ৰাক্তন সভাপতি বিজয় চন্দ্ৰ নাথ আদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে বিদায়ী প্ৰধানশিক্ষক অনিল কলিতাৰ বিদায় সভাত তেওঁৰ কৰ্মময় জীৱনৰ সম্পৰ্কত আলোকপাত কৰে। সভাত অৱসৰী প্ৰধানশিক্ষক অনিল কলিতাই বিদায়ী সম্ভাষণ গ্ৰহণ কৰি আবেগিক হৈ পৰে।
উল্লেখযোগ্য যে, সুদীৰ্ঘ ৩৬ বছৰ ধৰি বিদ্যালয়খনত শিক্ষকৰ দৰে মহান ব্ৰতত ব্ৰতী আজি বিদায়ী বেলাৰ মুহূৰ্ত্তত পুৰণি স্মৃতি ৰোমন্থন কৰে। লগতে ছাত্ৰ- ছাত্ৰী সকলক লক্ষ্য স্থিৰ কৰি নিজৰ ইচ্ছা শক্তি বৃদ্ধি কৰিবলৈ আহ্বান জনায়।
তাৰোপৰি ছাত্ৰ - ছাত্ৰীসকলৰ অভিভাৱসকলকো এইক্ষেত্ৰত সচেষ্ট হ’বলৈ আহ্বান জনায় । ৩১ নং দহালী প্ৰাথমিক বিদ্যালয়খনতে যোগদান কৰি আজি উক্ত বিদ্যালয়ৰখনৰ পৰা ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা কলিতাক বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী, অঞ্চলটোৰ ৰাইজে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়।
সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে সকলোৱে বিদায়ী প্ৰধানশিক্ষক অনিল কলিতাক তেওঁৰ নিজগৃহলৈ এক বিশাল শোভাযাত্ৰা কৰি লৈ যায়। উল্লেখ্য যে কলিতাই বিগত ৩৬ টা বৰ্ষ বিদ্যালয়খনৰ সৈতে জড়িত থকাৰ সমান্তৰালভাৱে সামাজিক, সাংস্কৃতিক তথা ৰাজহুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ৰাইজৰ মাজৰ এজন হৈ সহযোগিতা আগবঢ়াইছিল।
যাৰ বাবে তেওঁৰ এই কৰ্মজীৱনৰ বিদায় বেলাত সকলোৰে মন সেমেকি উঠিছিল। সকলোৱে তেওঁৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
উক্ত সভাত বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ সমূহ কৰ্মকৰ্তা, স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখ্য, যোৱা ৩০ এপ্ৰিলত চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰিছিল প্ৰধানশিক্ষক অনিল কলিতাই ।