/asomiyapratidin/media/media_files/2025/05/19/ANnWXWpDt0DLqE0tCGot.jpg)
ডিজিটেল ডেস্কঃ অসম আৰক্ষীয়ে দাগী অপৰাধীৰ দৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাফ লগাই নিয়া কাৰ্যক ধিক্কাৰ জনাইছে ৰাজ্যৰ ৰাজনৈতিক, সামাজিক সংগঠনেৰে জড়িত বিভিন্নজনে। ৰাজ্যজুৰি অসম আৰক্ষীৰ এনে কাৰ্যক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে শংকৰজ্যোতি বৰুৱাৰ হাতৰ পৰা হেণ্ডকাফ খুলিবলৈ নিৰ্দেশ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কোনো কাৰণতে শংকৰজ্যোতি বৰুৱাৰ হাতত হেণ্ডকাফ লগাব নোৱাৰে বুলি নিৰ্দেশ দিয়াৰ পিছতেই এতিয়া পুনৰ প্ৰশ্ন উঠিছে, অসম আৰক্ষীৰ একাংশ বিষয়াৰ আইন, আদালত সন্দৰ্ভত নাই নেকি জ্ঞান? আদালতৰ স্পষ্ট নিৰ্দেশ থকাৰ পিছতো সাধাৰণ অভিযুক্তৰ হাতত দুধৰ্ষ অপৰাধীৰ দৰে হেণ্ডকাফ লগাই সেই প্ৰশ্ন সৰ্বত্ৰে উত্থাপন হৈছে।
তাৰ মাজতেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, আটাছাৰ সভাপতি ধীৰাজ গোৱালা, অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতাই অসম আৰক্ষীৰ এনে কাৰ্যক ধিক্কাৰ দি সমলোচনা কৰিছে।
উল্লেখ্য যে, তৈল নগৰী দুলীয়াজানৰ এটা তেল ডিপোৰ দখল সংক্ৰান্তীয় এক সংঘাতৰ ঠিক এদিন পাছতেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক৷ তাৰ পিছতেই ডিব্ৰুগড় আৰক্ষীয়ে দুৰ্ধৰ্ষ ডকাইত বা সন্ত্ৰাসবাদীৰ দৰে হেণ্ডকাফ্ লগাই আদালতলৈ লৈ গৈছিল শংকৰজ্যোতি বৰুৱাক৷
অসম আৰক্ষীৰ এনে আচৰণত সৰ্বত্ৰে সমালোচিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফোন কৰি ডিব্ৰুগড় আৰক্ষীক কিয় শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ্ লগালে সেই সন্দৰ্ভত প্ৰশ্ন কৰে আৰু বৰুৱাৰ হাতত হেণ্ডকাফ্ নলগাবলৈ নিৰ্দেশ দিয়ে৷
ইফালে আছুৰ প্ৰাক্তন নেতাগৰাকীৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষী থানাত ৰুজু হোৱা ৯০/২০২৫ নম্বৰৰ গোচৰটোত আজি জামিন প্ৰদান কৰিলে ন্যায়ালয়ে। ৮৯/২০২৫ নম্বৰৰ আন এটা গোচৰত এতিয়াও জামিন পাবলৈ বাকী।
তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ৯০/২০২৫ নম্বৰৰ গোচৰটো ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৯৬(১), ১৯৬(১), ১৯৭(১), ১৯৭(১), ১৯৭(১), ৩(৫), ৩৫২, ৩৫৩(১), ৩৫৩(১), ৩৫৩(২)ত ৰুজু কৰা হৈছিল৷