সুৰা বিপণীৰ অনুজ্ঞাপত্র বাতিল কৰাৰ দাবী লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ

লাকুৱা থানা চাৰিআলিৰ সমীপত আৰু লাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিচেই কাষতে সুৰাৰ বিপণী স্থাপনৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিবলৈ লোৱা কাৰ্যৰ বিৰোধিতা লাকুৱা আছুৰ।

author-image
Tushar Pratim
New Update
সুৰা বিপণীৰ অনুজ্ঞাপত্র বাতিল কৰাৰ দাবী লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ 

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ অন্তৰ্গত লাকুৱা থানা চাৰিআলিৰ সমীপত আৰু লাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিচেই কাষতে আৱকাৰী বিভাগে শেহতীয়াকৈ এখন সুৰাৰ বিপণী স্থাপনৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিবলৈ লোৱা কাৰ্যত লাকুৱা আঞ্চলিক ছাত্র সন্থাই তীব্ৰ বিৰোধিতা কৰিছে। আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জোন ৰাজকোঁৱৰ আৰু সাধাৰণ সম্পাদক খঞ্জন বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিত উক্ত স্থানৰ কাষতে কেইবাটিও ৰাজহুৱা অনুষ্ঠান থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই উক্ত স্থানত সুৰাৰ বিপণী মুকলি কৰিবলৈ দিয়াৰ ব্যৱস্থা গ্রহণ কৰাতো অতিশয় দুর্ভাগ্যজনক আৰু গ্রহণযোগ্য নহয় বুলি মত পোষণ কৰিছে৷ 

Advertisment

এনে প্ৰেক্ষাপটত আজি এই বিষয়টিক লৈ লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু সভাপতিসহ এটি সঁজাতি দলে চৰাইদেউ জিলাৰ জিলা আয়ুক্তক সাক্ষাৎ কৰি শিক্ষানুষ্ঠানখনিৰ কাষত সুৰাৰ বিপণী মুকলিৰ বাবে অনুজ্ঞাপত্র প্রদান কৰিবলৈ লোৱা কাৰ্যৰ বিৰোধিতাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। শিক্ষানুষ্ঠান এখনৰ কাষত এইদৰে সুৰাৰ বিপণী মুকলি কৰিবলৈ বিভাগে লোৱা এই সিদ্ধান্ত অতি শীঘ্রে বাতিল নকৰিলে লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্রিক কার্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি প্রেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে৷

সুৰা লাকুৱা