জে কে বৰুৱা আন্তঃজিলা ক্ৰিকেট টুৰ্নামেণ্টঃ উজনি অসম মণ্ডলত চেম্পিয়ন তিনিচুকীয়া

জে কে বৰুৱা আন্তঃজিলা ক্ৰিকেট টুৰ্নামেণ্টঃ উজনি অসম মণ্ডলত চেম্পিয়ন তিনিচুকীয়া

ডিজিটেল সংবাদ, যোৰহাট: যোৰহাটত অনুষ্ঠিত জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট টুৰ্নামেণ্টৰ উজনি অসম মণ্ডলত তিনিচুকীয়া জিলাই ৭ উইকেটত জয়লাভ কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰে। যোৰহাট ষ্টেডিয়ামত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত চলি থকা ২০২৩-২৪ বৰ্ষৰ জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট টুৰ্নামেণ্টৰ উজনি অসম মণ্ডলত আঠখন জিলাৰ মাজত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাখনত দেওবাৰে তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাৰ মাজত উজনি অসম মণ্ডলৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়।

দেওবাৰে চূড়ান্ত খেলখনত টছত জিকি ডিব্ৰুগড় জিলাই প্ৰথমেই বেটিং কৰি ৩৬.২ অ'ভাৰত ময়ুৰ বেজবৰুৱাৰ ২৬ আৰু ৰাজীৱ দুবেয়ৰ ১৬ ৰাণৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই ১০০ ৰাণ সংগ্ৰহ কৰে। তিনিচুকীয়া জিলাৰ হৈ প্ৰিয়াংশু সিঙে ৪টা আৰু আভাষ চাৰাফে ২টা উইকেট লাভ কৰে।‌ প্ৰত্যুত্তৰত তিনিচুকীয়া জিলাই ২৩.৫ অ'ভাৰত ১টা উইকেটৰ বিনিময়তে বিবেক শৰ্মাৰ অপৰাজিত ৪৬ আৰু অফান আহমেদৰ ১৭ ৰাণৰ সহায়ত ১০৪ ৰাণ কৰি সহজেই বিজয় সাব্যস্ত কৰাৰ লগতে মঙলদৈত অনুষ্ঠিত হ'ব লগা চুপাৰ লীগৰ ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে।

ডিব্ৰুগড় জিলাৰ হৈ অভিষেক যাদৱে একমাত্ৰ উইকেটো লাভ কৰে। দেওবাৰৰ খেলখনত মেন অৱ দা মেছ সন্মান লাভ কৰে তিনিচুকীয়া জিলা দলৰ প্ৰিয়াংশু সিঙে। দেওবাৰৰ খেলখন পৰিচালনা কৰে সুনিত চেত্ৰী (শিলচৰ) আৰু হিমাদ্ৰী শেখৰ দাসে (শিলচৰ)। স্ক'ৰ বৰ্ডত প্ৰীতম বৰাই (যোৰহাট) সহযোগ কৰে।

খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত চেম্পিয়ন দলক ট্ৰফী প্ৰদান কৰে প্ৰাক্তন ৰঞ্জীত খেলুৱৈ নৰেন সভাপণ্ডিত আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত বৰাই। ৰাণাৰ আপ দলক ট্ৰফী প্ৰদান কৰে প্ৰাক্তন ৰঞ্জীত খেলুৱৈ পংকজ জ্যোতি শ্ৰুতিকৰ আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কোৰ্ষাধক্ষ দেৱশ্ৰী শৰ্মাই।

বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে উজনি অসম মণ্ডলৰ পৰ্যাবেশক মনোজ ভাৰ্গৱতী, জুনিয়ৰ শাখাৰ মুখ্য নিৰ্বাচক নিৰঞ্জন দাস। বঁটা বিতৰণী সভাখন আঁতধৰে জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ডে।

জে কে বৰুৱা আন্তঃজিলা ক্ৰিকেট টুৰ্নামেণ্টঃ উজনি অসম মণ্ডলত চেম্পিয়ন তিনিচুকীয়া
ভাৰত-নগা ৰাজনৈতিক সমস্যাত আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপৰ আবেদন নাগা ষ্টুডেণ্ট ফেডাৰেচনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in