অসম

কাশী-বিশ্বনাথৰ আৰ্হিত হ'ব কামাখ্যা মন্দিৰৰ কৰিডৰ, প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ শক্তিপীঠ সমূহৰ ভিতৰত গুৱাহাটীস্থিত কামাখ্যা মন্দিৰো অন্যতম। অসম চৰকাৰে এই কামাখ্য মন্দিৰৰ বাবে কৰিছে বিশেষ পৰিকল্পনা। বাৰাণসীৰ কাশী-বিশ্বনাথ মন্দিৰ কৰিডৰৰ আৰ্হিত গুৱাহাটীৰ কামাখ্যা মন্দিৰত এটা কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে টুইটাৰত এক ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত দেখুওৱা হৈছিল যে অদূৰ ভৱিষ্যতে পুনৰ নিৰ্মাণ কৰিবলগীয়া মা কামাখ্যা কৰিডৰটো কেনেকুৱা হ'ব।

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে প্ৰকল্পটোৰ সন্দৰ্ভত পোষ্ট কৰে। তেওঁ লিখে যে, মই নিশ্চিত যে মা কামাখ্যা কৰিডৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ । লগতে ইয়াৰ দ্বাৰা পৰ্যটন আৰু স্থানীয় অৰ্থনীতি লাভান্বিত হ'ব বুলি মোডীয়ে উল্লেখ কৰে।

উল্লেখ্য যে, মন্দিৰৰ চাৰিওফালে মুকলি ঠাই বৰ্তমান ৩,০০০ বৰ্গফুটৰ পৰা প্ৰায় ১০০০০০ বৰ্গ ফুটলৈ বৃদ্ধি হ'ব। ই তিনিটা স্তৰত থাকিব। এক্সেছ কৰিডৰৰ গড় প্ৰস্থ বৰ্তমানৰ প্ৰস্থ ৮-১০ ফুটৰ পৰা প্ৰায় ২৭-৩০ ফুটলৈ বৃদ্ধি হ'ব।

চৰকাৰৰ এই পদক্ষেপৰ ফলত তীৰ্থযাত্ৰীৰ কাৰণে বহুখিনি সুবিধা হব। বিশেষকৈ অম্বুবাচী বা অন্য মুখ্য কিছুমান উৎসৱৰ সময়ত তীৰ্থযাত্ৰী সকলৰ সুবিধা হব।