/asomiyapratidin/media/media_files/2025/05/25/ioSu0TE57SzU42LMNzHb.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ সোণোৱাল কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰ আৰু স্থানীয় ৰাইজৰ উদ্যোগত ২ নং চিলাগাঁওস্থিত খ্ৰীং খ্ৰীং বাইথ মন্দিৰত অনুষ্ঠিত হ'ল এক অভিনন্দন অনুষ্ঠানৰ। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত আৰু হাইস্কুল শেষান্ত পৰীক্ষাত বিশেষভাৱে উৰ্ত্তীণ অৰ্ধশতাধিক পৰীক্ষাৰ্থীক উৎসাহিত কৰিবলৈ জনোৱা হয় এই সম্বৰ্ধনা।
চিলাপথাৰ আঞ্চলিক সোণোৱাল কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ৰমেশ সোণোৱালে সঞ্চালনা আৰু সম্পাদক পূৰ্ণকান্ত সোনোৱালে তাৎপৰ্য ব্যাখ্যা কৰা অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ ফুলাম গামোচা,প্ৰশস্তি পত্ৰ আৰু কিতাপৰ টোপোলা সন্মান জনোৱা হ'ল।
বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত চিলাপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নন্দেশ্বৰ কছাৰীয়ে __ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যে বহু সাৰুৱা বক্তব্য প্ৰদান কৰি__অনগ্ৰসৰ সোণোৱাল কছাৰী জাতিক আগুৱাই নিবলৈ ডাক্টৰ আৰু ইঞ্জিনীয়াৰৰ লগতে প্ৰগতিশীল আৰু বলীষ্ঠ ৰাজনীতিক লাগিব। সম্প্ৰতি অসমত অভূতপূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদান বৰুৱাৰ বাদে সোণোৱাল জাতিৰ বিশেষ ৰাজনীতিক নাই।
পৰিবৰ্তীত পৰিস্থিতিৰ সৈতে খাপ খুৱাই সমাজখনৰ উন্নয়ন সাধিবলৈ হ'লে আজিৰ নৱ প্ৰজন্মই ৰাজনীতিত প্ৰবেশ কৰিব লাগিব বুলি গুৰুত্বপূৰ্ন মন্তব্য কৰে। অতিথি হিচাপে উপস্থিত চিলাপথাৰ নগৰ মহাবিদ্যাল়ৰ সহকাৰী অধ্যাপক দেবজিত সোণোৱাল,বিষয় শিক্ষক মহিম বৰুৱা,প্ৰধান শিক্ষক ভূধৰ সোণোৱাল, চিলাপথাৰ পৌৰ সভাৰ কমিছনাৰ আদিত্য সোণোৱাল,সমাজকৰ্মী ৰাজেন সোণোৱাল,শিক্ষক ৰঞ্জিত কছাৰী আদিয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা আচনিৰ পৰা পাঠ্যক্ৰমিক আৰু অনাপাঠ্যক্ৰমিক কাৰ্যাৱলী আদি বিভিন্ন দিশ খৰচি মাৰি পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে।
সভাত অভিভাৱক আৰু পৰীক্ষাৰ্থী সকলেও ব্যক্ত কৰে নিজা নিজা অনুভৱ। অনুষ্ঠানত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয় ববীয়া চন্দন সোণোৱাল,ৰবীন্দ্ৰ কছাৰী, সমাজকৰ্মী পোৱাল সোণোৱাল,দিগন্ত সোণোৱাল,হোমেন সোণোৱাল,ঘনকান্ত কুমৰাল,দয়াননন্দ কছাৰী,বাইথ মন্দিৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তা আৰু ৰাইজ উপস্থিত থাকি সভাৰ জেউতি চ'ৰায়।