/asomiyapratidin/media/media_files/2025/05/25/SdO7gICpkf10XKaUwikl.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ আজি দিনৰ ১১ বজাৰপৰা চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সদৌ অসম মাধমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক দ্বিবাৰ্ষিক অধিবেষণৰ আদৰণী সমিতিৰ এখন বিশেষ সভা অনুষ্ঠিত হয় । আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি ভুবন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে আদৰণী সমিতিৰ সাধাৰণ সম্পাদক দুলুমণি ভঁৰালীয়ে ।
তেখেতে সভাত ব্যক্ত কৰে যে যোৱা জানুৱাৰী মাহতে অনুষ্ঠিত হ'ব লগা অধিবেশনখনি পঞ্চায়ত নিৰ্বাচনৰ দিন - বাৰ সময়মতে ঘোষণা নকৰাৰ কাৰণে পিচুৱাই দিবলগীয়া হৈছিল আৰু অহা ১১ আৰু ১২ জুলাই তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । গতিকে এই বিষয়ে আলোচনা কৰিবলৈ সভাখন আহ্বান কৰা হৈছে । ইয়াৰ পিচতে সভাই সৰ্বসন্মতিক্ৰমে আগন্তক অধিবেশনৰ কাৰ্যসূচীখন গ্ৰহণ কৰে ।
সভাত জিলা সভপতি শিৱ শংকৰ পাদুন, প্ৰাক্তন সভাপতি ভৱৰাম টায়ে, সম্পাদক আদিত্য চুতীয়া,আদৰণী সমিতিৰ যুটীয়া সম্পাদক সঞ্জয় নাৰ্জাৰী, বিত্ত সমিতিৰ সম্পাদক দেৱৰাম কামানকে আদিকৰি বিভিন্নজন বক্তাই নিজৰ বক্তব্যত অধিবেশনখনি সুন্দৰভাৱে অনুষ্ঠিত কৰিব লাগে বুলি মত পোষণ কৰে ।
স্মৃতিগ্ৰন্থৰ সম্পক বিজয় বৰিয়ে জনায় যে স্মৃতিগ্ৰন্থৰ কাম প্ৰায় ৮০% হৈছে আৰু অচিৰেই বাকী কামসমূহ কৰিব পৰা যাব । সভাত বক্তাসকলে জিলাখনৰ পাঁচোতা মণ্ডলৰ সভাপতি-সম্পাদকসকলক অহা ১৫ জুনৰ আগতে সতীৰ্থসকলৰ বৰঙণিসমূহ সংগ্ৰহ কৰিবৰ বাবে আহ্বান জনায় । জিলাখনৰ সন্মান ৰক্ষা কৰি এখন সৰ্বাংগ সুন্দৰ অধিবেশন পাতিবৰ কাৰণে সদস্যসকলক সাজু হ"বলৈও বক্তাসকলে আহ্বান জনায় ।
জিলা সম্পাদক আদিত্য চুতীয়াই মূল টোৰণখন সন্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত অৰূপ চাংমাইৰ সোঁৱৰণত উছৰ্গা কৰিবলৈ এক প্ৰস্তুাৱ দাঙি ধৰে আৰু সৰ্বসন্মতিক্ৰমে উক্ত প্ৰস্তুাৱটো গ্ৰহণ কৰা হয় । শেষত সভাপতিয়ে অধিবেশনখনি সফল কৰিবৰ কাৰণে আজিৰপৰাই সকলো সদস্যকে ককালত টঙালী বান্ধিবলৈ আহ্বান জনায় আৰু জুন মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ'ব লগা পৰৱৰ্তী সভাত নিজৰ নিজৰ উফ-সমিতিৰ কাম-কাজৰ অগ্ৰগতিৰ খটিয়ান দিবলৈ আহ্বান জনাই সভা ভঙ্গ ঘোষণা কৰে ।