/asomiyapratidin/media/media_files/2025/05/25/R3GvxQKcKrdtYJotXgiV.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আগন্তক বিটিচি নিৰ্বাচনত অজাপ দলে বিজেপি দলক প্ৰতিহত কৰিবলৈ বিজেপিৱে য’তে-ত’তে আসনত খেলিব তাতেই অজাপই নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷ আজি সন্ধিয়া কোকৰাঝাৰত এক সংবাদমেলত এই কথা সদৰী কৰিছে অজাপৰ সাংগঠনিক সম্পাদক তথা বিটিআৰ নিৰ্বাচনৰ কেন্দ্ৰীয় আহ্বায়ক চিত্ৰৰঞ্জন বসুমতাৰীয়ে৷
সংবাদমেলত অজাপ নেতা চিত্ৰৰঞ্জন বসুমতাৰীয়ে বিটিচি নিৰ্বাচনক লৈ কোকৰাঝাৰ জিলা কমিটিৰ নেতা-কৰ্মীৰে আজি এখন পৰ্যবেক্ষণ বৈঠকত মিলিত হোৱা বুলি জনায়৷ তেওঁ বিটিচিৰ ৪০ টা সমষ্টিত অজাপই কেনেদৰে অংশ ল’ব তাকে লৈ ইতিমধ্যে কোকৰাঝাৰ, চিৰাং আৰু বাকছাত দলীয় আলোচনা ভাগে ভাগে অনুষ্ঠিত কৰা বুলি জনায়৷ এইক্ষেত্ৰত বিটিচি নিৰ্বাচনত অজাপৰ একমাত্ৰ লক্ষ্য বিজেপিক প্ৰতিহত কৰা আৰু এই লৈ বিৰোধী দলবোৰক একেখন মঞ্চত থিয় হোৱাৰ আহ্বান জনায়৷ বসুমতাৰীয়ে বিটিআৰক বিজেপি দলে খীৰতী গাইৰ দৰে ব্যৱহাৰ কৰি আহিছে আৰু বিটিআৰত থকা আঞ্চলিকতাবাদ দলক বিভাজনেৰে মষিমূৰ কৰাৰ অভিসন্ধি ৰচা বুলি অভিযোগ কৰে৷
সেয়ে বিজেপিক প্ৰতিহত কৰিবলৈ বিটিআৰত থকা বড়ো জাতীয়তাবাদ আৰু আন জাতি-জনগোষ্ঠীক একত্ৰিত হ’বলৈ আজি অজাপই আহ্বান জনায় ৷ বিটিআৰত বড়ো জাতীয়তাবাদৰ লগতে আঞ্চলিকতাবাদ ৰাজনীতি অক্ষুন্ন থকাটো অজাপই সদায় কামনা কৰে বুলি কয় চিত্তৰঞ্জন বসুমতাৰীয়ে৷ সংবাদমেলত বিজেপিয়ে বড়ো জাতীয়তাবাদৰ মাজত বিভাজন সৃষ্টি আৰু ব্লেকমেইলিঙৰ জঘন্য ৰাজনীতি কৰা বুলি গুৰুতৰ অভিযোগ তোলে অজাপই৷
অজাপই বিজেপিৰ এনে ৰাজনীতিক ওফৰাবলৈ এইবাৰ বিটিচি নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিৱলৈ সাজু বুলি কয়৷ সংবাদমেলত বিটিচি নিৰ্বাচনত বিৰোধীক ঐক্যবদ্ধ হোৱাত অজাপৰ দুৱাৰ সদায় খোলা থাকিব আৰু বড়ো জাতীয়তাবাদৰ স্বাৰ্থত বিপিএফ আৰু ইউপিপিএল দলক একত্ৰিত হ'বলৈ মুকলি আহ্বান জনায় ৷ আজি অজাপৰ সংবাদমেলত দলৰ উপ-সভাপতি ক্ৰমে মাণিক বড়ো, ৰামানন্দমল্ল বুজৰবৰুৱা, সম্পাদক গিৰিন তালুকদাৰ আৰু কাৰ্যনিৰ্বাহক সদস্য হেমন্ত হালৈ উপস্থিত আছিল৷