বিটিচি নিৰ্বাচনক লৈ ৰাভা গণমঞ্চ সমন্বয়ৰক্ষী সমিতিৰ ডাঙৰ সিদ্ধান্ত...

এইবেলি বিটিচি পৰিষদীয় নিৰ্বাচনত যি ৰাজনৈতিক দলে ৰাভা জনগোষ্ঠীৰ প্ৰাৰ্থীক নিক্ষেপ কৰিব সেই দলকে ৰাভা জনগোষ্ঠীয় লোক সকলে সমৰ্থন আগবঢ়াব বুলি ঘোষণা কৰে বিটিআৰ পাঁচখন জিলাৰ

New Update
tgtg

ডিজিটেল সংবাদ, চিৰাংঃ এইবেলি বিটিচি পৰিষদীয় নিৰ্বাচনত যি ৰাজনৈতিক দলে ৰাভা জনগোষ্ঠীৰ প্ৰাৰ্থীক নিক্ষেপ কৰিব সেই দলকে ৰাভা জনগোষ্ঠীয় লোক সকলে সমৰ্থন আগবঢ়াব বুলি ঘোষণা কৰে বিটিআৰ পাঁচখন জিলাৰ ৰাভা সকলৰ জাতীয় দল সংগঠনৰ উমৈহতীয়া মঞ্চ বিটিআৰ ৰাভা গণমঞ্চ সমন্বয়ৰক্ষী সমিতিয়ে ।

Advertisment

দেওবাৰে চিৰাং জিলাৰ ভাদ্ৰাগাঁও- ৰাভাপাৰাত বিটিআৰ ৰাভা গণমঞ্চ সমন্বয়ৰক্ষী সমিতিৰ এক সভা অনুষ্ঠিত কৰি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৰাভা গণমঞ্চৰ সভাপতি জয়ন্ত ৰাভাই । তেখেতে কয় যে বিগত সময়ত বিপিএফ দলৰ শাসনকালত হাগ্ৰামা মহিলাৰীক সমৰ্থন আগবঢ়াইছিল পৰবৰ্তী সময়ত বিটিআৰ চুক্তিৰ পিছত ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ সৈতেও আমি সুসম্পৰ্ক ৰক্ষা কৰি আছো  

কিন্তু দুৰ্ভাগ্যজনক কথা যে বিগত সময়ত কোনো এটা ৰাজনৈতিক দলে আজিলৈকে বিটিচি পৰিষদীয় নিৰ্বাচনত ৰাভা জনগোষ্ঠীয় প্ৰাৰ্থীক নিক্ষেপ কৰা নাই যি বিষয়টো আজিৰ সভাত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়।  যাৰ কাৰনেই এইবেলি বিটিচিৰ পৰিষদীয় নিৰ্বাচনত আমি ৰাভা সকলে এটা স্পষ্ট নীতি আৰু আদৰ্শ লৈ ৰাজনৈতিক দল সমূহক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্তত উপনিত হৈছো।

এই বিষয়টো লৈ ৰাভা গণমঞ্চ,  বিটিআৰ সমন্বয়ৰক্ষী সমিতিয়ে বিটিআৰৰ পাঁচখন জিলাত ৰাভা জনগোষ্ঠীয় বসতি প্ৰধান অঞ্চল সমূহত আমি সভা সমিতি অনুষ্ঠিত কৰি ৰাইজৰ পৰা মতামত লৈ অৱশেষত আমি চৰ্তসাপেক্ষে সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

বিটিচি