কচুৱাত বন্যহস্তীৰ সন্ত্ৰাস: হাতীৰ গচকত মৃত্যু এজনৰ...

কামপুৰ বন আঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত কচুৱাৰ বৰবিল ডানচলাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এজন লোকৰ।

author-image
Asomiya Pratidin
New Update
কচুৱাত বন্যহস্তীৰ সন্ত্ৰাস: হাতীৰ গচকত মৃত্যু এজনৰ...

ডিজিটেল সংবাদ, কামপুৰ : কামপুৰ বন আঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত কচুৱাৰ বৰবিল ডানচলাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এজন লোকৰ। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে, কচুৱাৰ মাধৱপাৰাৰ চিতলমাৰীৰ মনিৰ উদ্দিন নামৰ প্ৰায় ত্ৰিশ বছৰীয়া লোকজনে বৰবিললৈ নিশা অকলে যোৱাত বন্যহস্তীৰ মুখামুখী হয়।

Advertisment

নিশা প্ৰায় দুই বজাত স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে পৰিয়ালৰ লোকক খবৰ দিয়াত পৰিয়ালৰ লোকে কচুৱাৰ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও আজি পুৱা কামপুৰৰ আদৰ্শ চিকিৎসালয়লৈ হস্তান্তৰ কৰাৰ অৱস্থাত মৃত্যুক আঁকোৱালি লয় লোকজনে। তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোঁকৰ ছাঁ পৰাৰ পৰিলক্ষিত হয়। উল্লেখ্য যে, বিগত কিছুদিন ধৰি অঞ্চলটোত বন্যহস্তীয়ে সন্ত্ৰাস চলোৱাৰ ফলত বহুলোকৰ ঘৰবাৰী নষ্ট হোৱাৰ লগতে খেতি-বাতিও তহিলং হৈ আহিছে।

Also Read: জোনমণি ৰাভা বাসগৃহত নগাঁও আৰক্ষীৰ দল...

forest department of assam