পৰকীয়া প্ৰেমেই হ’ল কাল ! পত্নী আৰু প্ৰেমিকক নৃশংসভাৱে হত্যা

পৰকীয়া প্ৰেমেই হ’ল কাল ! পৰকীয়া প্ৰেমৰ বাবেই নগাঁৱৰ কামপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। পত্নী আৰু প্ৰেমিকক হত্যা কৰি কামপুৰ থানাত স্বামীয়ে কৰিলে আত্মসমৰ্পণ।...

author-image
Asomiya Pratidin
New Update
কামপুৰত নৃশংস হত্যাকাণ্ড

ডিজিটেল সংবাদ, কামপুৰ : পৰকীয়া প্ৰেমেই হ’ল কাল ! পৰকীয়া প্ৰেমৰ বাবেই নগাঁৱৰ কামপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। পত্নী আৰু প্ৰেমিকক হত্যা কৰি কামপুৰ থানাত স্বামীয়ে কৰিলে আত্মসমৰ্পণ।

Advertisment

উল্লেখযোগ্য যে, কামপুৰ পাচনিঝাৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো ৷ জানিব পৰা মতে, পৰকীয়া প্ৰেমৰ সন্দেহত জয়কান্ত দাস নামৰ লোকজনে তেওঁৰ পত্নী আৰু প্ৰেমিক তথা টেট শিক্ষক ভাস্কৰ নাথক ভাড়াঘৰৰ ভিতৰত চোকা অস্ত্ৰে মৰিয়াই মৰিয়াই হত্যা কৰে। ইয়াৰ পাছতে হত্যাকাৰী স্বামী জয়কান্ত দাসে আত্মসমৰ্পন কৰে কামপুৰ থানাত ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ ইফালে নিহত টেট শিক্ষক ভাস্কৰ নাথৰ ঘৰ মঙলদৈত বুলি জানিব পৰা গৈছে ৷ এই সমগ্ৰহ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

crime nagaon police Assam police