কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খান্দং বান্ধৰ গেট খুলিছে নীপকুৱেঃ মধ্য অসমত বানৰ আশংকা

ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ খান্দং বান্ধৰ  ৭ খনকৈ গেট খুলি দিয়াৰ ফলত যোৱা নিশাৰ পৰা নগাঁও আৰু মৰিগাঁও জিলাৰ  মাজেৰে বৈ যোৱা কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমশঃ বৃদ্ধি হৈছে।

author-image
Asomiya Pratidin
New Update
 কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খান্দং বান্ধৰ গেট খুলিছে নীপকুৱেঃ মধ্য অসমত বানৰ আশংকা

ডিজিটেল সংবাদ, কামপুৰঃ ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ খান্দং বান্ধৰ  ৭ খনকৈ গেট খুলি দিয়াৰ ফলত যোৱা নিশাৰ পৰা নগাঁও আৰু মৰিগাঁও জিলাৰ  মাজেৰে বৈ যোৱা কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমশঃ বৃদ্ধি হৈছে। ডিমা হাচাওৰ খান্দং বান্ধ, কপিলী হাইড্ৰ পাৱাৰ ষ্টেচনৰ ৰিজাৰ্ভাৰত পানীৰ উচ্চতা বৃদ্ধি হোৱাত এই গেট কেইখন খুলি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

Advertisment

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ৭ খন গেটেৰে পানী বৈ অহাত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। বিগত কেবাদিন ধৰি হৈ থকা বৰষুণৰ বাবে জলবিদ্যুৎ প্ৰকল্পৰ গেট মুকলি কৰি ৰাখিব লগা হৈছে। ডিমা হাচাও আৰু মেঘালয়ত বৰষুণ হৈ থাকিলে কপিলী নৈৰ জলপৃষ্ঠ অধিক বৃদ্ধি পাব বুলি জানিব পৰা গৈছে ।

ইপিনে কামপুৰত যোৱা নিশাৰ পৰা কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যাৰবাবে কপিলী নদীৰ লগত সংলগ্ন যমুনা, হাৰিয়া আদি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। কপিলী নৈৰ পানী বাগৰিলে বকুলগুৰি ,পদুমণি ,কলনি ,যমুনামুখ ,কচূৱা ,কামপুৰ , চাংচকী,গাৰোখুন্দা আদিকে ধৰি মধ্য অসমৰ  বহু অঞ্চল বানপানীৰ কবলত পৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে কপিলী নৈ পৰীয়া লোকক সতৰ্ক হৈ থাকিবৰ বাবে জাননী জাৰি কৰিছে। বাতৰি লিখাৰ সময়ত কামপুৰত বৰষুণ কমিছে যদিও কপিলীৰ জলপৃষ্ঠ বৃদ্ধি হৈ আছে। কপিলী জলবিদ্যুৎ  প্ৰকল্পৰ এক সুত্ৰ মতে খান্দং বান্ধৰ ৭ খন গেট মুকলি হৈ আছে আৰু পানীৰ গতি স্বাভাৱিক অৱস্থাত আছে।

কামপুৰ কপিলী