দক্ষিণ কামৰূপত হাতীৰ উপদ্ৰৱৰ বাবে লকডাউন সদৃশ পৰিৱেশ...

আজি পাঁচ বছৰ ধৰি উক্ত অঞ্চল সমূহত এজাক বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছিল। খেতিয়কে পথাৰত ধানখেতি কৰিব নোৱাৰে, উৎপাদিত শস্য তহিলং কৰে, ঘৰবস্তিৰ পকী দেৱাল, জেওৰা ভাঙি চূৰমাৰ কৰে।

author-image
Asomiya Pratidin
New Update
1 elephant

ডিজিটেল সংবাদ,চানডুবি:  দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ কেতবোৰ অঞ্চলত ২২ মে’ত লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল। বিশেষকৈ ৰঙামাটি, দখলা, বাটৰহাট, নহিৰা, ভাগৱতীপাৰা, ৰাজাপুখুৰী, দহালী, সৰপাৰা, উৰপুত, কল্লপাৰা, মনিয়েৰী-তিনিআলি, পাৰাকুছি, মাগুৰপাৰা, মেধিপাৰা আদি এলেকাত।

Advertisment

কামৰূপ জিলা প্ৰশাসনে ১৬৩ ধাৰাৰ অধীনত ২২ মে’ৰ আবেলি ৩ বজাৰ পৰা ২৩ মে’ৰ পুৱা ৫ বজালৈ এক নিষেধাজ্ঞাও জাৰী কৰিছিল। সেই নিষেধাজ্ঞা অনুসৰি আবেলি ২ বজাৰ পৰা সমগ্ৰ অঞ্চলটোত ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, কাৰ্যালয়, যান-বাহন চলাচল বন্ধ হৈ পৰিছিল। 

উল্লেখ্য যে আজি পাঁচ বছৰ ধৰি উক্ত অঞ্চল সমূহত এজাক বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছিল। খেতিয়কে পথাৰত ধানখেতি কৰিব নোৱাৰে, উৎপাদিত শস্য তহিলং কৰে, ঘৰবস্তিৰ পকী দেৱাল, জেওৰা ভাঙি চূৰমাৰ কৰে।

এই সপ্তাহতে ৰঙামাটিৰ অশোক দাস নামৰ ৬০বৰ্ষীয়ান কৃষক এজনক বনৰীয়া হাতীয়ে প্ৰাণ কাঢ়ি নিছিল। হাতীৰ তাণ্ডৱত অঞ্চলটোৰ ৰাইজ একপ্ৰকাৰ দিশহাৰা হৈ পৰিছিল। বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বনৰীয়া হাতী নিয়ন্ত্ৰণৰ বাবে চৰকাৰ-প্ৰশাসনৰ ওচৰত বাৰে বাৰে দাবী জনাই আহিছিল। 

ৰাইজৰ দাবী অনুসৰি অঞ্চলটোৰ পৰা বনৰীয়া হাতী খেদাৰ বাবে বন, পুলিচ আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে পৰিকল্পনা কৰিছিল। সেই অনুসৰি এদল অভিজ্ঞ লোকক নিয়োগ কৰি ২২ মে’ৰ আবেলিৰ পৰা বনৰীয়া হাতীৰ জাকটো জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি নিয়াৰ বাবে প্ৰশাসনে হাতে-কামে লাগি পৰিছিল। 

প্ৰথমে বনৰীয়া হাতীৰ জাকটো নহিৰাৰ পৰা ৰামপুৰ, ভাগৱতীপাৰা, মাগুৰপাৰা হৈ ৰঙামাটিলৈকে খেদি আনে। ৰঙামাটিৰ পৰা বতিয়াপাৰালৈকে খেদি আনি ৰাণী সংৰক্ষিত বনাঞ্চলৰ দিশে খেদি নিয়াৰ বাবে পৰিকল্পনা কৰে যদিও ব্যৰ্থ হয়।

নিশা প্ৰায় ১১ বজাত সকলো চেষ্টা ব্যৰ্থ কৰি বনৰীয়া হাতীৰ জাকটো মিৰ্জাৰ মালিয়াটা পাহাৰৰ গভীৰ হাবিত সোমাই পৰে। আজি অৰ্থাৎ ২৩ মে’ৰ বিয়লিৰ পৰা মিৰ্জাৰ মালিয়াটা পাহাৰত হাতী খেদাৰ পুনৰ অভিযান আৰম্ভ হয়। সেই অনুসৰি প্ৰশাসনে নিৰ্দেশ জাৰী কৰাত আবেলি ৪ বজাৰ পৰা বৃহত্তৰ ৰাণী অঞ্চলৰ ব্যৱসায়িক লগতে অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ বন্ধ হৈ পৰে। 

উল্লেখ্য যে, অভিযানকাৰী দলটোৱে নিশা প্ৰায় ৯ বজালৈকে বহু চেষ্টা কৰিও হাতীৰ জাকটোক পাহাৰ খনৰ পৰা সম্পূৰ্ণৰূপে বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হোৱা নাই। বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে হাতীকেইটা ভাগ ভাগ হৈ পৰিছে। এই মুহূৰ্তলৈকে ৰাণী সংৰক্ষিত বনাঞ্চলৰ দিশে হাতীকেইটা খেদি নিব পৰা নাই।

পলাশবাৰী