/asomiyapratidin/media/media_files/2025/05/22/wejZrd187s8EKysThvw1.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : তিনিওটা বিভাগৰে ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন আৰু কৃতজ্ঞতা জনোবাৰ উদেশ্যে বৃহস্পতিবাৰে নগাঁৱত এক ত্ৰিৰংগা যাত্ৰা সম্পন্ন হয় ৷ নগাঁৱৰ সাধাৰণ ৰাইজৰ হাতে হাতে ভাৰতৰ স্বাভিমান জাতীয় পতাকা লৈ ওলাই আহিল সহস্ৰাধিক জনতা আৰু মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকল ৷
তেওঁলোকে একে মুখে ৰাজপথত জয়ধ্বনি দি কয়- "ভাৰত মাতা কি জয়৷" নগাঁৱৰ নেহেৰুবালি খেলপথাৰৰ পৰা পদযাত্ৰাৰে বাহিৰ হোৱা এই যাত্ৰাত সৰ্ব্বসাধাৰণ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক সংগ দিয়ে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বিজেপি জিলা সভাপতি ৰঞ্জিত কুমাৰ বৰদলৈ, সাধাৰণ সম্পাদক নৱজ্যোতি বৰুৱা, প্ৰতিষ্ঠিত ব্যৱসায়ী কাৰ্তিক সাহা, নগাঁৱৰ পৌৰ আয়ুক্তসকলে।
উল্লেখযোগ্য যে, জিলা বিজেপিৰ বহুকেইগৰাকী বিষয়ববীয়া, মহিলা মৰ্চাৰ বিষয়ববীয়াৰ লগতে নগাঁৱৰ ব্যৱসায়ী তথা অন্যান্য সামাজিক-সাংস্কৃতিকসংগঠনৰ বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ৷