ঢকুৱাখনাত অগপৰ সাধাৰণ সভা আহ্বান

লীয় একাংশ নেতা কৰ্মীয়ে সভাপতি মহেশ দলেৰ  কাৰ্যদক্ষতা আৰু দলীয় সক্ৰিয়তাৰ ওপৰত গভীৰ অসন্তুষ্টি আৰু পঞ্জীভূত ক্ষোভ উজাৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1 agp

ডিজিটেল সংবাদ,ঢকুৱাখনা:   আঞ্চলিক দল অসম গণ পৰিষদৰ ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ এখন সাধাৰণ সভা অহা ৫ জুনত আহ্বান কৰা হৈছে। ঢকুৱাখনা নগৰৰ অগপৰ কাৰ্যালয় সমন্বয় ভৱন প্ৰাঙ্গনত দুপৰীয়া ১১  বজাত অনুষ্ঠিত হ'ব এই সাধাৰণ সভা ।

Advertisment

ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ আহ্বায়ক মণ্ডলীয়ে জনোৱা মতে এখন পূৰ্ণাংগ আৰু শক্তিশালী সমষ্টি সমিতি গঠনৰ লক্ষ্যৰে এই সাধাৰণ সভাখন আহ্বান কৰা হৈছে। অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তোলন কোঁৱৰ, প্ৰবীণ হাজৰিকা, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, লখিমপুৰ জিলা অগপৰ সভাপতি দীপক বৰদলৈ, সম্পাদক বলীন দাস,কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য ধনমনি দত্ত, প্ৰেম বৰুৱা আদি উপস্থিত  থাকিব।

সমষ্টি সমিতিৰ আহ্বায়ক মণ্ডলীয়ে উক্ত সভাত দলৰ লগতে ভাতৃ ভগ্নী সমিতিৰ সকলো নেতৃত্ব কৰ্মীৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। উল্লেখযোগ্য যে দলীয় একাংশ নেতা কৰ্মীয়ে সভাপতি মহেশ দলেৰ  কাৰ্যদক্ষতা আৰু দলীয় সক্ৰিয়তাৰ ওপৰত গভীৰ অসন্তুষ্টি আৰু পঞ্জীভূত ক্ষোভ উজাৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

পৰৱৰ্তী সময়ত অনুষ্ঠিত এখন সভাত সভাপতি মহেশ দলেয়ে ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিছিল।  লখিমপুৰ জিলা অগপই এই সাংগঠনিক সংকট দূৰ কৰিবলৈ এখন আহ্বায়ক সমিতি গঠন কৰি দিছিল কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দুলাল দত্তক মুখ্য আহ্বায়ক হিচাবে লয়। এইখন আহ্বায়ক সমিতিয়ে এতিয়া সাধাৰণ সভা আহ্বান কৰিছে যত এখন শক্তিশালী দলৰ প্ৰতি আত্মোস্বৰ্গী নেতাকলৈ গঠিত হ'ব পূৰ্ণাংগ সমষ্টি সমিতি।

অসম গণ পৰিষদ