/asomiyapratidin/media/media_files/2025/05/22/H6h0Hxk8WRKE3Z7qPWbG.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জাজৰিৰ ৰহঢলাত ভয়ংকৰ ঘটনা। দুষ্টচক্ৰৰ বিষাক্ত কীটনাশক প্ৰয়োগৰ ফলত কেইবাটিও গোধনৰ মৃত্যু। মীণ পালনৰ নামত অনা অসমীয়াৰ দপদপনিত, শংকিত খিলঞ্জীয়া কৃষক।
নগাঁৱৰ জাজৰিৰ ৰহঢলাত খিলঞ্জীয়া বসতি প্ৰধান অঞ্চলত চলিছে অনা অসমীয়াৰ আগ্ৰাসন। পুখুৰী পাৰত মীনপালনৰ গইনা লৈ বিষাক্ত কীটনাশক প্ৰয়োগৰ ফলত মৃত্যু হৈছে কেইবাটাও গোধনৰ।
উল্লেখ্য, ৰহঢলা গাঁৱৰ ৰাইজৰ গো চৰণীয়া পথাৰত বিগত কিছুবছৰ ধৰি "অংকুৰ মীণ পালন" নামৰ এটি প্ৰকল্প আৰম্ভ হৈছিল। উক্ত প্ৰকল্পতে নিয়োজিত কেইজনমান অনা অসমীয়াই এতিয়া চলাইছে সন্ত্ৰাস।
শেহতীয়াকৈ বিষাক্ত কীটনাশক প্ৰয়োগৰ ফলত দুখীয়া কৃষকৰ গোধনৰ মৃত্যু হৈছে। উল্লেখ্য যে, বছৰ বছৰ ধৰি গঞা ৰাইজৰ গো চৰণীয়া পথাৰখনত শেহতীয়াকৈ অনা অসমীয়া লোকে কোনো ধৰণৰ জাননী নিদিয়াকৈ, তথা বেৰ নিদিয়াকৈ কীটনাশক ব্যৱহাৰ কৰিছে।
স্থানীয় ৰাইজে কেতিয়াও ব্যৱহাৰ নকৰা এনে কীটনাশকৰ সন্দৰ্ভত আগতীয়াকৈ অৱগত নকৰাৰ ফলতেই এইদৰে গোধনৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে। ঘটনাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰো।
ইফালে উক্ত অংকুৰ মীণ পালন প্ৰকল্পৰ আঁৰত হৰেণ বৰা আৰু পুলিন বৰদলৈ নামৰ দুগৰাকী স্থানীয় ব্যক্তি জড়িত আছে বুলি জানিব পৰা গৈছে। এই শোকাৱহ ঘটনা সংক্ৰান্তত জাজৰি আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ।