/asomiyapratidin/media/media_files/2025/05/22/iB6hvIu9So9lQMjyZWVv.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰগুৰু গ্ৰাম্য পুথিভঁৰাল পৰিচালনা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠান শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব। বটদ্ৰৱা বৰহিছা মুকলি মঞ্চত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী অনুসৰি বিয়লি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব।
একেদৰে সম্পাদকীয় প্ৰতিবেদন, হিচাপ পৰীক্ষকৰ প্ৰতিবেদন, পুৰণি সমিতিৰ পদত্যাগ আৰু নতুন সমিতি গঠন আদি কাৰ্য্যসূচীৰে সাধাৰণ সভা অনুষ্ঠিত হ’ব। ইয়াৰ পিছত বিয়লি ৪-০০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, বঁটা বিতৰণী অনুষ্ঠান আদিৰ পাছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
আনহাতে শনিবাৰে তথা ২৪ মে'ৰ দিনা বিয়লি ৫ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিব দিব্যজ্যোতি বৰুৱাই। নিশা সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পীৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰগুৰু গ্ৰাম্য পুথিভঁৰাল পৰিচালনা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে সম্পাদক নিপুমনি দেৱ গোস্বামীয়ে।