নগাঁও ছোৱালী মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান...

নগাঁও ছোৱালী মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান...

author-image
Asomiya Pratidin
New Update
নগাঁও ছোৱালী মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান...

নগাঁও ছোৱালী মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান...

ডিজিটেল সংবাদ নগাঁও: শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা গুৱাহাটী বিশ্ববিদ্যালয় পূৱ মাণ্ডলিক যুৱ মহোৎসৱত নগাওঁ ছোৱালী কলেজে ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। ভূগোল বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আশিষ শইকীয়া আৰু অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা প্ৰাৰ্থনা হাজৰিকাৰ তত্বাৱধানত যোৱা ৩০ জনীয়া ছাত্ৰীৰ দলটোৱে দলীয় প্ৰতিযোগিতাসমূহৰ ভিতৰত লোকনৃত্যত প্ৰথম আৰু মুকাভিনয় প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

Advertisment

আনহাতে একক প্ৰতিযোগিতাসমূহৰ ভিতৰত কলাজ প্ৰতিযোগিতাত মন্জুশ্ৰী দেৱী আৰু লোকগীত প্ৰতিযোগিতাত জ্যোতিস্মিতা চন্দন পাঠকে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। লোকনৃত্য প্ৰতিযোগিতাৰ বিজয়ী দলটোত কবিতা বসুমতাৰী, তৰালী খাখলাৰী, সোণালী খাখলাৰী, চিন্ময়ী কোচ, নয়নিকা আলচিয়াৰী, উৰ্মিলা বসুমতাৰী, তনুজা বৰা, ৰচনা বৰা আৰু ৰীমা মেচে অংশগ্ৰহণ কৰিছিল আৰু মুকাভিনয়ৰ দলটোত পৰিস্মিতা শৰ্মা, ডুলিকা শইকীয়া, ববিস্মিতা দেৱী, পল্লৱী বৰ্মন, অৰ্পিতা দেৱ, প্ৰিয়ংকা হাজৰিকা অন্তৰ্ভুক্ত আছিল।

ইয়াৰ উপৰিও উক্ত দিনকেইটাত মহোৎসৱৰ নীতি-নিয়ম মানি চলা বাবে নিয়মাণুবৰ্তিতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান লাভ কৰে।

Also Read: দৰঙৰ প্ৰতিবাদী কণ্ঠ ৰাণী দেৱী আৰু নাই...

নগাঁও ছোৱালী মহাবিদ্যালয়