/asomiyapratidin/media/media_files/2025/06/01/emz632ZIFCkhvyOCWOJd.jpg)
ডিজিটেল সংবাদ,শুৱালকুছিঃ শনিবাৰে নিশা শুৱালকুছিত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই অভিযান চলাই শুৱালকুছি বসন্তপুৰৰ পৰা একেটা পৰিয়ালৰ ৩ জনকৈ লোকক আটক কৰিছিল। নিশা ৩ বজাৰ পৰা পুৱা ৫ বজালৈ অভিযান চলাই পিতৃ নিৰেন কলিতা, জেষ্ঠ ভগ্নী ৰূপালী কলিতা আৰু হিৰক কলিতাক ঘৰলৈ উভতাই পঠিওৱা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি নিয়াই আটক কৰা পৰিয়ালটোৰ ৰূপালী কলিতাৰ মোবাইলত প্ৰায় এবছৰ পূৰ্বে কেইবাটাও মিছকল আৰু ভিডিঅ' কল আহিছিল। সেই মিছকল আৰু ভিডিঅ' কলৰ বাবে এতিয়া বিপদত পৰিছে পৰিয়ালটো।
ৰূপালী কলিতাৰ ভাষ্য অনুসৰি, পাকিস্তানৰ পৰা অহা এই মিছকলটোৰ বিষয়ে জ্ঞাত নাছিল ৰূপালী কলিতা। সেয়ে তেওঁ ভিডিঅ' কলটো ৰিচিভ কৰিছিল। ফোন ৰিচিভ কৰা অপৰাধত এতিয়া নিয়াৰ জেৰাৰ সন্মুখীন হৈছে পৰিয়ালটোৰ ৩ জনকৈ সদস্য ।
অৱেশ্য পৰিয়ালটোক ঘৰলৈ উভতাই পঠিয়াইছে যদিও তেওঁলোকৰ মোবাইল ফোন আৰু নথি পত্ৰ সমুূহ নিজৰ জিম্মাত জব্দ কৰি ৰাখিছে নিয়াই। পৰিয়ালটোৰ বেংকৰ জৰিয়তে পাকিস্তানৰ পৰা কিবা লেনদেন হৈছে নে নাই তাকো তন্ন তন্নকৈ তদন্ত চলাইছে অভিযানকাৰী দলটোৱে।