/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ee232ecd-53e0-4362-8d3c-ba8e4d6d9dc0/RANI_DEVI_18.jpg)
দৰঙৰ প্ৰতিবাদী কণ্ঠ ৰাণী দেৱী আৰু নাই...
ডিজিটেল সংবাদ দৰংঃ দৰঙৰ এক প্ৰতিবাদী কণ্ঠ, দৰং জিলা মহিলা সমিতিৰ দীৰ্ঘকালৰ সভানেত্ৰী, অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী, সমাজসেৱী ৰাণী দেৱী (৮৪)ৰ বুধবাৰে নিশা ৭.৩৫ বজাত তেওঁৰ মঙলদৈ শান্তিপুস্থিত নিজ বাসগৃহত পৰলোকগমন হয়।
বহু দিন ধৰি ৰাণী দেৱী বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। ৰাণী দেৱীৰ মৃত্যুত জিলাখনৰ এক অপূৰনীয় ক্ষতি হয়। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গুণমুগ্ধসকলে তেওঁৰ বাসগৃহত ভিৰ কৰে।
পৰিয়ালৰ পৰা জনোৱা মতে সদ্য প্ৰয়াত ৰাণী দেৱীৰ শেষকৃত বিভিন্ন দল সংগঠন, ব্যক্তিয়ে শেষ শ্ৰদ্ধা তৰ্পণ কৰাৰ পিছত বৃহস্পতিবাৰে সম্পন্ন কৰা হ'ব।
Also Read: সমাজকৰ্মী, অৱসৰী শিক্ষক অম্বুৰাম বৰাৰ মৃত্যুত শোক...