/asomiyapratidin/media/media_files/2025/06/01/VKeNowTIlVydt9ZtzWrd.jpg)
ডিজিটেল সংবাদ,ধেমাজি: ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সমুখত থকা নিউ দাস জুৱেলাৰ্চ দোকানখনৰ স্বত্বাধিকাৰী দীপাংকৰ দাস পলাতক হৈ থকা তৃতীয়টো দিন পাৰ হ'ল। তৃতীয় দিনাও জমা ৰখা সোণ আৰু মেৰামতি কৰা বাবদ দিয়া ধন বিচাৰি দোকানৰ সন্মুখত আহি ভিৰ কৰে ভুক্তভোগীয়ে।
ইফালে দোকানখনৰ আন আন কৰ্মচাৰী আৰু পলাতক দীপাংকৰৰ পিতৃয়ে গ্ৰাহকৰ ভিৰ চম্ভালিব নোৱাৰি ভয়ত দোকানখনৰ চাৰ্টাৰ বন্ধ কৰি দিয়ে। আনহাতে শুকুৰবাৰে সন্ধিয়া দীপাংকৰৰ পিতৃ খুকন দাসে পুত্ৰৰ এনে কাণ্ডৰ পিছত উপায়ন্তৰ হৈ গ্ৰাহক সকলক নিজৰ ধেমাজি নগৰৰ ভদ্ৰপাৰস্থিত ঘৰদুৱাৰ, মাটি-বাৰী বিক্ৰী কৰি হ'লেও ৪ মাহৰ ভিতৰত পাব লগা ধন ঘুৰাই দিব বুলি গ্ৰাহক সকলক লিখিত প্ৰতিশ্ৰুতি দিয়ে।
এই পৰিস্থিতিত বহু গ্ৰাহকেই এতিয়া কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে ৷ উল্লেখ্য যে, কেইবাগৰাকীও গ্ৰাহকৰ ইতিমধ্যে কেইবাখনো বিবাহৰ আ-অলংকাৰ বিবাহৰ বাবে দিব নোৱাৰি গ্ৰাহকে হতাশাত ভুগিছে ৷ প্ৰাপ্ত তথ্য মতে ধুৰন্ধৰ ব্যৱসায়ী দীপাংকৰ দাসে বিগত ২০২২ চনৰ পৰাই এই প্ৰৱঞ্চনাৰ জালে পেলাই আহিছে।
নিজৰ একমাত্ৰ পৰিয়ালটোৰ আ-অলংকাৰ সমূহ ঘুৰাই পোৱা আশাতেই গ্ৰাহক সকলে জুৱেলাৰী দোকানলৈ তাতঁ বাতি কৰি আছে ৷ জানিব পৰা মতে,একেটা পৰিয়ালৰে তৰুণ গগৈ, শিখামনি গগৈ আৰু শিল্পী গগৈয়ে জমা কৰা সোণ আৰু মেৰামতি কৰিবলৈ দিয়া ধনৰ পৰিমানৰ সৈতে ৫ লাখ টকা হৈছে।
ইয়াৰ উপৰিও ১-২ লাখ, ডেৰ লাখ ইত্যাদি ধনৰ মূল্যৰ পৰিমাণৰ ভুক্তভোগী বহু গ্ৰাহকৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে ৷ প্ৰথম দিনাই অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰাৰ সমান্তৰালভাৱে কেইবাগৰাকীও গ্ৰাহকে ইতিমধ্যে নিজাববীয়াকৈ এজেহাৰ দাখিল কৰিছে ৷
উল্লেখ্য যে, শনিবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই ধেমাজি জিলা আয়ুক্তক লিখিতভাবে অভিযোগ কৰি অহা ২ জুনৰ ভিতৰত নিউ দাস জুৱেলাৰী স্বত্বাধিকাৰী পলাতক দীপাংকৰ দাসক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ৷ কোটি টকা ধন, সোণলৈ পলাতক দীপাংকৰ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে ৩ জুনৰ পৰা অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকিয়াই দিছে ৷
সংগঠনটোৱে পলাতক নিউ দাস জুৱেলাৰী স্বত্বাধিকাৰীৰ সা-সম্প্ৰতি জব্দ কৰি বিক্ৰী শীঘ্ৰেই ভুক্তভোগী গ্ৰাহক সকলৰ ধন,সোণ ঘুৰাই দিয়া ব্যৱস্থা কৰিবলৈও দাবী জনাইছে ৷ সংগঠনটোৱে দাবী কৰা অন্য অভিযোগ অনুসৰি ধেমাজিৰ বিভিন্ন স্থানত থকা মুঠ ৩৪ খন জুৱেলাৰী দোকান সমূহত সোণ বিক্ৰী কৰা , মেৰামতি অথবা অলপ সোণ দি হ'লমাৰ্কট নিৰ্মাণ কৰি দিয়া প্ৰলোভন দেখুৱাই বিভিন্নজনৰ পৰা সোনৰ অলংকাৰ হস্তগত কৰিছে ৷
এই কৌশল অৱলম্বন কৰিয়েই জিলাখনৰ বিভিন্ন স্থানৰ গ্ৰাহকৰ পৰা উক্ত জুৱেলাৰী কেইটাই এইদৰেই কোটি কোটি টকাৰ সোণ, ধন লৈ পলায়ন কৰা কাৰ্য্য ইতিমধ্যে বহুকেইটা সংঘটিত হৈছে ৷ সংগঠনটোৱে কৰা আন এক অভিযোগ অনুসৰি ধেমাজি নগৰত অৱস্থিত জুৱেলাৰী সমূহৰ বিৰুদ্ধে বিভিন্ন সময়ত ১০০ টকা পৰিবৰ্তে ৬০ টকাহে সোণ গ্ৰাহকক দি অলংকাৰ নিৰ্মাণ কাৰ্য্য অবাহত ৰাখিছে ৷
ধেমাজি জুৱেলাৰী সকলে গ্ৰাহক সকলক কৰা এনে দৌৰাত্ম্যলৈ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে নিৰৱ ভূমিকা পালন কৰা কাৰ্য্যই ৰাইজৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইফালে যোৱা ২৯ মে'তেই অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াই পলাতক জুৱেলাৰী দীপাংকৰ দাসৰ বিৰুদ্ধে দিয়া এজেহাৰ দিয়া পিছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্য্যত আৰক্ষীৰ বিৰুদ্ধে সংগঠনটোৰ ক্ষোভ প্ৰকাশ কৰিছে ৷