অসম

প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি মথুৰাপুৰ ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, মথুৰাপুৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা বিষয় লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে জ্বলি উঠিছে ক্ষোভৰ জুই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰতো চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই এই সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

শুক্ৰবাৰে মথুৰাপুৰস্থিত আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় সন্মুখত ধোদৰ আলিৰ ওপৰত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্লোগান দি শিক্ষা মন্ত্ৰীকে ধৰি ছেবাৰ অধ্যক্ষ-সচিবৰ পদত্যাগৰ দাবীত সৰব হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক সৌৰভ গগৈ , আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অৰ্পণ ৰাজকোঁৱৰ,সম্পাদক ত্ৰিনয়ন বৰগোহাঁই লগতে ছাত্ৰ সন্থাৰ সদস্য উপস্থিত থাকে। প্ৰতিবাদকাৰীসকলে লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষা বাতিল সংক্ৰান্তত তীব্ৰ ক্ষোভ প্ৰকাশ শিক্ষা বিভাগ তথা ছেবাৰ কৰ্তৃপক্ষক ধিক্কাৰ দিয়ে।

আনহাতে জিলাৰ খনৰ বিভিন্ন স্থানত ছাত্ৰ সন্থাৰ কৰ্মীয়ে ৰাজপথত শিক্ষামন্ত্ৰী ডাঃ পেগুৰ লগতে ছেবাৰ অধ্যক্ষ ৰমেশ জৈন, পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।