কাৰ মানসিকতা বিঘ্নিত হৈছে?

মানসিকতা কাৰ বেয়া; ছাত্ৰ-ছাত্ৰীৰ, শিক্ষক-শিক্ষয়ত্ৰীৰ নে অভিভাৱকৰ?
কাৰ মানসিকতা বিঘ্নিত হৈছে?

ডিজিটেল ডেস্ক: কোন দিশে শিক্ষা, কোন দিশে আমাৰ মানসিকতা? যি সময়ত আমি নৱ-প্ৰজন্মক দেশৰ ভৱিষ্যত বুলি গণ্য কৰি উচিত শিক্ষা দিয়াৰ কথা কওঁ, সেই সময়ত শিক্ষা জীৱনৰ মূল দেওনা বুলি গণ্য কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলে কি সূচাইছে? কোন দিশে ৰাজ্যৰ শিক্ষা ব্যৱস্থা? কোন দিশে মানসিকতা? আৰু কোন দিশে আমাৰ ভৱিষ্যত?

ৰাজ্যত শেহতীয়াকৈ চৰ্চা লাভ কৰা বিষয় হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল। ফেব্ৰুৱাৰী মাহৰ মধ্যভাগৰ পৰা অনুস্থিত হোৱা এই পৰীক্ষাত প্ৰায় প্ৰথম দিনাৰ পৰাই বিসংগতিয়ে দেখা দি আহিছে। পৰীক্ষা চলি থকাৰ মাজতেই এটা বিষয়ৰ পৰীক্ষাৰ আগমুহূৰ্তত মাজনিশা বিভাগীয় কৰ্তৃপক্ষৰ হঠাৎ জাননী যে বাতিল হৈছে পৰীক্ষা। আৰু ইয়াৰ কাৰণ হ'ল সামাজিক মাধ্যমত ইতিমধ্যেই বিয়পি পৰিছে প্ৰশ্নকাকত। ইয়াৰ পিছতেই সামাজিক মাধ্যমত সৰ্বত্ৰে চৰ্চিত হৈ পৰিল জাননীখন আৰু পিছদিনা পুৱা প্ৰতিবাদমুখৰ হৈ পৰিল পৰীক্ষাকেন্দ্ৰ কিম্বা ৰাজপথ।

এতিয়া কথা হ'ল, কিমান গ্ৰহণযোগ্য এই দায়িত্ব জ্ঞানহীন কাণ্ড। মাত্ৰ এইবাৰেই নহয় প্ৰতিবাৰেই এনে বিসংগতিয়ে দেখা দিয়ে ৰাজ্যৰ গুৰুত্বপূৰ্ণ পৰীক্ষা সমূহত। সেইয়া লাগিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওঁক, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষাই হওঁক, বা ৰাজ্য চৰকাৰৰ কোনো বিভাগীয় নিযুক্তি পৰীক্ষাই হওঁক। ইয়াৰ পৰা স্পষ্ট হ'ব পাৰি যে, এচাম লোকে শিক্ষাৰ্থীক বিপথে পৰিচালিত কৰি আছে। মাত্ৰ নম্বৰ গোটোৱা কাৰ্যপন্থাক আকোঁৱালি লোৱাৰ লগতে নাম অৰ্জনৰ প্ৰতিযোগিতাত নমাই দিছে শিক্ষাৰ্থীক। প্ৰকৃত জ্ঞান অৰ্জনৰ যেন উম-ঘামেই নাই শিক্ষাৰ্থীৰ মাজত।

পিছে ইয়াৰ বাবে দায়ী কোন? এইয়া যেন এই সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্ন। এক মুখেই হয়তো আপুনিও মানিব যে, ইয়াৰ বাবে প্ৰকৃত দায়ী কিন্তু শিক্ষাৰ্থী নহয়। কাৰণ কৈশোৰ অৱস্থা প্ৰাপ্ত এজাক তৰুণক জ্যেষ্ঠ জনেই সুযোগ দিছে এনে কাৰ্যত লিপ্ত হ'বলৈ। প্ৰশ্নকাকত আগতীয়াকৈ যোগান ধৰাৰ বা লাভ কৰাৰ কথা তেওঁলোকৰ মনত এচামে সুমুৱাই নিদিয়ালৈকে এইদৰে যে প্ৰশ্নকাকতো পাব পাৰে এই কথাটো তেওঁলোকৰ বাবে সপোনৰো অগোচৰ। আকৌ প্ৰশ্নকাকত পাই বুলি জ্ঞাত হোৱাৰ পিছত যি বৃহৎ পৰিমাণৰ টকাৰ লেনদেন হয় সেইয়া নিশ্চয় জুগুতাই দিব লাগিব অভিভাৱক বা আত্মীয়ই। গতিকে এনে ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ অতি উৎসুকতাও কিছু পৰিমাণে দায়ী।

প্ৰশ্নকাকত ফাদিল হ'বলৈ হ'লে বিভাগীয় কৰ্তৃপক্ষৰ একোজন উচ্চ পদস্থ বিষয়া যে জড়িত থাকিবই লাগিব সেইয়া নিশ্চিত। কিয়নো কটকটীয়া নিৰাপত্তা বেষ্টনীৰে গোপনীয়তা ৰক্ষা কৰি প্ৰশ্নকাকত সমূহ কেন্দ্ৰসমূহলৈ যোৱা প্ৰক্ৰিয়াটো যে সহজ নহয়, সেইয়া সকলোৰে জ্ঞাত। আকৌ প্ৰশ্নকাকত ফাদিল হয় পৰীক্ষাৰ কেইদিনমানৰ পূৰ্বে। তাৰ অৰ্থটো হ'ল যে, আৰক্ষী প্ৰশাসনৰ হাতলৈ দায়িত্ব যোৱাৰ পূৰ্বেই বিভাগীয় দায়িত্বত থকা লোকৰ দ্বাৰাই সংঘটিত হয় এই কাণ্ড। সেয়েহে স্বাভাবিকতেই প্ৰশ্ন হয় মানসিকতা কাৰ বিঘ্নিত হৈছে? প্ৰকৃত শিক্ষাৰ পৰা ফালৰি কাটি নম্বৰ, নাম অৰ্জন, ভৱিষ্যত-বিলাসীতা আদিৰ দিশে শিক্ষাৰ্থীসকলক বাট দেখুৱাই দিয়াৰ আঁৰত এচাম শিক্ষিত মুখাপিন্ধা ভদ্ৰ লোক নাইনে?

লগতে প্ৰশ্ন হয় কেতিয়ালৈ বন্ধ হ'ব এই ল'ৰা ধেমালি? টকাৰ পিছত দৌৰি থকা শিক্ষিত লোকসকলে কেতিয়ালৈ বুজি উঠিব নিজৰ ক্ষমাহীন ভুলৰ কথা। এচাম শিক্ষাৰ্থীক সহজ বাট দেখুৱাই দিয়াৰ বিপৰীতে এচামক মানসিক ভাৱে যে জুৰুলা কৰি পেলাইছে, সেইয়া তেওঁলোকৰ মন-মগজুত এবাৰলৈও খুন্দা নামাৰেনে ? ইমানৰ পিছত কি মানসিকতা লৈ পৰীক্ষাত বঢ়িব শিক্ষাৰ্থী ? এচাম শিক্ষাৰ্থীক দোষী সাব্যস্ত কৰি আৰক্ষীয়ে আটক কৰাৰ পিছত পৰৱৰ্তী সময়ত যদি ন্যায়ালয়ে শিক্ষাৰ্থীজনক নিৰ্দোষী সাব্যস্ত কৰে তেন্তে সেই ছাত্ৰজনৰ শৈক্ষিক জীৱন কি হ'ব? আনহাতে ঢল-পুৱাতে উঠি চকু-মুখ মোহাৰি পঢ়া টেবুলত বহা ছাত্র-ছাত্ৰী কেইজনো পৰীক্ষা কেন্দ্রৰ পৰা উভতি যোৱাৰ পিছত পঢ়াৰ প্ৰতি থকা সদিচ্ছা বৰ্তাই ৰাখিব পাৰিব জানো?

কাৰ মানসিকতা বিঘ্নিত হৈছে?
Tiger-3: ‘টাইগাৰ ৩’ত পুনৰ একেলগে 'লভ' যুটী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in