ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতিৰ আলোচনা ‘তৎক্ষণাত’ আৰম্ভ হ’ব: ট্ৰাম্প

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে দুঘণ্টীয়া ফোনকলৰ পিছত এই বিষয়ে জনাই ট্ৰাম্পে। ঘোষণাৰ পিছতো ক্ৰেমলিনে ইংগিত দিছিল যে যিকোনো সুনিৰ্দিষ্ট চুক্তি বাস্তৱায়িত হ’বলৈ সময় লাগিব পাৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতিৰ লক্ষ্যৰে তাৎক্ষণিক আলোচনা আৰম্ভ হ’ব বুলি সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে দুঘণ্টীয়া ফোনকলৰ পিছত এই বিষয়ে জনাই ট্ৰাম্পে। ঘোষণাৰ পিছতো ক্ৰেমলিনে ইংগিত দিছিল যে যিকোনো সুনিৰ্দিষ্ট চুক্তি বাস্তৱায়িত হ’বলৈ সময় লাগিব পাৰে।

Advertisment

হোয়াইট হাউছৰ এক অনুষ্ঠানত ভাষণ দি ট্ৰাম্পে প্ৰকাশ কৰে যে আলোচনাত অগ্ৰগতিৰ লক্ষণ দেখা গৈছে আৰু যুদ্ধ, যাক তেওঁ “ভয়ংকৰ পৰিস্থিতি” বুলি অভিহিত কৰিছে সেয়া সমাপ্ত হ’ব লাগিব বুলি আহ্বান জনাইছে।

ট্ৰাম্পে কয়, ‘মই ডেৰ-দুঘণ্টা সময় ভ্লাডিমিৰ পুটিনৰ সৈতে কথা পাতিলো, মই ভাবো কিছু অগ্ৰগতি হৈছে। এয়া এক ভয়ংকৰ পৰিস্থিতি কাৰণ প্ৰতি সপ্তাহত ৫০০০ যুৱকক হত্যা কৰা হৈছে। আমি ইউৰোপৰ বেছিভাগ জাতিৰ মুৰব্বীৰ সৈতেও কথা পাতিলো। আমি এই গোটেই বিষয়টো মোহাৰি পেলাবলৈ চেষ্টা কৰিছো।

উল্লেখ্য যে, এই ঘোষণাৰ পিছত আগন্তুক আলোচনাৰ কোনো টাইমলাইন বা স্থান নিশ্চিত কৰা হোৱা নাই। ২০২২ চনৰ পিছত ৰাছিয়া আৰু ইউক্ৰেইনে প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ আলোচনা অনুষ্ঠিত কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতে ট্ৰাম্পে এনেদৰে মন্তব্য কৰিছে । সেই আলোচনাৰ ফলত প্ৰতিটো পক্ষৰ পৰা ১০০০ বন্দী বিনিময়ৰ চুক্তি হৈছিল যদিও যুদ্ধবিৰতি নাছিল।

ইফালে উক্ত বিষয় সন্দৰ্ভত ট্ৰাম্পৰ সৈতে হোৱা কথা-বতৰাৰ পিছত পুটিনে কয় যে যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰচেষ্টা সাধাৰণতে সঠিক পথত আছে। মস্কোৱে ইউক্ৰেইনৰ সৈতে সম্ভাৱ্য শান্তি চুক্তিৰ ওপৰত কাম কৰিবলৈ ইচ্ছুক।

এই ক্ষেত্ৰত ট্ৰাম্পৰ সৈতে হোৱা কথা-বতৰাৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কয় যে কিয়ভ আৰু ইয়াৰ অংশীদাৰসকলে যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ইউক্ৰেইন, ৰাছিয়া, আমেৰিকা, ইউৰোপীয় ইউনিয়নৰ দেশ আৰু ব্ৰিটেইনক লৈ এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ কথা বিবেচনা কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে এই বৈঠক অতি সোনকালে হ’ব পাৰে। বৈঠকখন সম্ভৱতঃ তুৰস্ক, ভেটিকান বা ছুইজাৰলেণ্ডে আয়োজন কৰিব।

ভ্লাদিমিৰ পুটিন ড'নাল্ড ট্ৰাম্প