/asomiyapratidin/media/media_files/2025/05/20/Gri5lqQ5gXzVcG4ByDoO.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান। মণিপুৰ সীমান্তৱৰ্তী জিৰিঘাটৰ পৰা বুজণ পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত
জিৰিঘাট বজাৰত অভিযান চলাই আৰক্ষীয়ে মণিপুৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৬০০০ য়াবা টেবলেট জব্দ কৰিছে।
টেবলেট খিনি ড্ৰাগ ডিটেকতৰ কিটেৰে পৰীক্ষা কৰাৰ পিচত নিচাজাতীয় য়াবা টেবলেট বুলি নিশ্চিত হয় আৰক্ষী। জব্দ কৰা টেবলেট খিনিৰ ক'লা বজাৰত মুল্য প্ৰায় ১.৮ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
নিচাজাতীয় সামগ্ৰী খিনি চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা বিক্ৰী কৰিবলৈ অনা হৈছিল। টেবলেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মণিপুৰৰ টামেংলং জিলাৰ এপল' গাঙমাই নামৰ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰিছে।