আজি মুকলি হ'ব মালিগাঁও উৰণ সেতু...

আজি মুকলি হ'ব মালিগাঁও উৰণ সেতু...

author-image
Asomiya Pratidin
New Update
আজি মুকলি হ'ব মালিগাঁও উৰণ সেতু...

ডিজিটেল ডেস্কঃ অৱশেষত ৰাইজে পাব সকাহ। মুকলি হ'ব মালিগাঁও উৰণীয়া সেতু। ৩০ আগষ্টৰ ৰাখী পূৰ্ণিমাৰ সন্ধিয়া ৪.৩০ বজাত মুকলি কৰা হ’ব সেতুখন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব সেতুখন।

Advertisment

মালিগাঁৱৰ উৰণীয়া সেতুৰ কাম যোৱা ২ বছৰ ৪ মাহ ধৰি চলি আছিল। এই সেতুখনৰ দৈৰ্ঘ ২.৬ কিলোমিটাৰৰ। সেতুখন ৰামধেনু আকৃতিৰ নিৰ্মাণ কৰা হৈছে। সেতুখনত থাকিব তিনিআলি জংচনত পৃথিৱীৰ গ্লৱ। উৰণীয়া সেতুৰ লেণ্ডিং পইণ্ট দুটা গতিৰোধক থাকিব।

সেতুখনৰ তলৰ খুঁটাসমূহত অসমৰ সাজ-পোছাক, বাদ্যযন্ত্র, অৰণ্যৰ দৃশ্য অংকন কৰা হৈছে। ন-বোৱাৰীৰ দৰে সজাই তোলা হৈছে সেতুঁখন। সেতুখনৰ চাৰিওফালে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন ছবি অংকন কৰা হৈছে।

উল্লেখ্য যে, যোৱা ২ বছৰ ধৰি যান-জঁটৰ সমস্যাত জীয়াতু ভুগিছিল জনতাই। ২-৩ ঘন্টা মালিগাঁও ট্ৰেফিকতে পাৰ কৰিব লগীয়া হৈছিল। যাৰ বাবে এই সেতু উদ্বোধনৰ পাছত যান-জঁটৰ সমস্যাৰ পৰা সকাহ পাব জনতাই।

Also Read: আজি ৰাখী পূৰ্ণিমাঃ জানক ৰাখী পিন্ধোৱাৰ শুভ লগ্ন...

Maligaon Flyover himanta biswa sarma