/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c7f32b33-34e0-49f1-b53f-42a69211b4d4/AP_FOR_WEB_rakhi.jpg)
ডিজিটেল ডেস্কঃ ৩০ আগষ্ট অৰ্থাত আজিৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰাখী পূৰ্ণিমা। এই পূৰ্ণিমাতে উদযাপন কৰা হয় ৰাখী বন্ধন।ৰাখী বন্ধনৰ পূৰ্ণিমা তিথি আজি পুৱা ১০.৪৮ বজাৰ পৰা আৰম্ভ হৈ ৩১ আগষ্ট পুৱা ৭.০৬ বজালৈ চলি থাকিব।
অৱশ্যে ইয়াৰ ক্ষেত্ৰত বহু জ্যোতিষীৰ মতত পাৰ্থক্য থকাও পৰিলক্ষিত হয়। পঞ্জিকা মতে ৰাখী বন্ধাৰ সঠিক সময় ৩০ আগষ্ট পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ শুভ।
এই ৰাখী বন্ধনতেই ভগ্নীয়ে ভাতৃক ৰাখী বান্ধে আৰু ভাতৃয়ে ভগ্নীক উপহাৰ দিয়ে। অৱশ্যে ঠাই ভেদে এই ৰাখী বন্ধনৰ নিয়ম বেলেগ বেলেগ।
বৰ্তমানেও কোনেও নাজানে যে ৰাখী এই উৎসৱটো কেতিয়াৰ পৰা আৰম্ভ হ'ল। পুৰণি এটা আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতা সকল দুৰ্বলৰ দৰে অনুভৱ হ'ল তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিল। বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিলে। সংযোগ ক্ৰমে সেই দিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে।
মহাভাৰতত আছে কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাত প্ৰাপ্ত হোৱাত পাণ্ডৱৰ পত্নী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে। এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ যায়। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দৌপদীক কৌৰৱৰ ৰাজ সভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওঁতে কৃষ্ণই দৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল। কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হ'ল। এনেধৰণপ আৰু বহু কথা প্ৰচলন আছে।
যি নহওক ৰাখী এক বান্ধোন, এক প্ৰতিশ্ৰুতি। এই বান্ধোন ভগ্নী-ভাতৃৰ মাজৰ, এই প্ৰতিশ্ৰুতি ভগ্নীক সুৰক্ষা দিয়াৰ । যি প্ৰতিশ্ৰুতি ভাতৃয়ে নিজকে নিজে কৰে। এই পবিত্ৰ দিনটোত ভগ্নীয়ে ভাইটী বা দাদাক ৰাখী বান্ধে আৰু আশা কৰে যে মোৰ ভাতৃয়ে চিৰজীৱন মোৰ ৰক্ষা কৰিব আৰু মোক সকলো বিপদৰ পৰা বচাব।
Also Read: অ-সুৰক্ষিত চাহ উদ্যোগৰ ভৱিষ্যৎ! ৫ মাহত বিক্ৰী ৬৮ খন চাহ বাগিচা