মৃত্যু হোৱা মানুহৰ নামত থকা মাটি বিক্ৰী কৰি আৰক্ষী জালত দালাল চক্ৰ

মৃত্যু হোৱা মানুহৰ নামত থকা মাটি বিক্ৰী কৰি আৰক্ষী জালত দালাল চক্ৰ

author-image
Asomiya Pratidin
New Update
 মৃত্যু হোৱা মানুহৰ নামত থকা মাটি বিক্ৰী কৰি আৰক্ষী জালত দালাল চক্ৰ

ডিজিটেল সংবাদ,কামপুৰ:  যিমানেই চৰকাৰখনে ৰাজ্যখন দুৰ্নীতি মুক্ত কৰাৰ কথা কৈ আহিছে সিমানেই ন ন কেলেংকাৰীৰ কথা পোহৰলৈ আহিছে। কামপুৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত সংঘটিত হৈছে এক নাভূত নাশ্ৰুত ঘটনা।

Advertisment

জানিব পৰা  মতে জালিয়াতিৰে মৃত্যু হোৱা মানুহৰ নামত থকা মাটি বিক্ৰী কৰে এটি দালাল চক্ৰই।উল্লেখ্য যে কামপুৰৰ পাচনীজাৰ কৃষ্ণ লস্কৰ নামৰ  এজন ব্যক্তিয়ে নিজৰ লগতে নৃপেন হাজৰীকা,পদুম শৰ্মা,বেবী গোঁহাই আৰু পদ্ম কান্ত শইকীয়াক কামপুৰ উপ -পঞ্জীয়কৰ কাৰ্যলয়ৰ পৰা ভুৱা চহী তথা অনান্য কাম সমূহ কৰি জালিয়াতিৰ  অনুমতি লৈ মাজৰ আটি কিচামত থকা কেইবাটাও দাগৰ মাটি বিক্ৰী কৰিছে  ।

অভিযোগ অনুসৰি মাটিৰ মালিক প্ৰভাত গোস্বামী ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰীত মৃত্যু হয় যদিও মাৰ্চ মাহত মাটি বিক্ৰীৰ অনুমতি উলিয়াই বিক্ৰী কৰে । উল্লেখনীয় যে পিছত প্ৰভাত গোস্বামীৰ পুত্ৰ সকলে কামপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত  তেওঁলোকৰ মাটি সংক্ৰান্তীয় কাম কাজত আহি দেউতাকৰ নামত থকা মাজৰআটি কিচামতৰ দাগ নং =৩৩৪ আৰু পট্ৰানং ২০৭ আৰু দাগ নং ৩১৬ আৰু পট্ৰা ৪১৩ নম্বৰত থকা মাটি খিনি বিক্ৰী হোৱা বুলি কামপুৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা জানিব পাৰে।

নথি পত্ৰত উল্লেখ থকা অনুসৰি মাটি খিনি কৃষ্ণ লস্কৰ,নৃপেন হাজৰীকা ,পদ্ম কান্ত শইকীয়া আৰু পদূম শৰ্মা,বেবী গোহাঁয়ে  ক্ৰয় কৰে। তাৎপৰ্যপূৰ্ণভাৱে বিবাদমান এলেকাটো অভিযুক্ত নৃপেন হাজৰীকাই এটা পকী ঘৰ নিৰ্মানৰ কামো ইতিমধ্যে আৰম্ভ কৰিছে ।

মৃত প্ৰভাত গোস্বামীৰ  পুত্ৰ দিগন্ত গোস্বামীয়ে জানিব দিয়া অনুসৰি মাটি খিনি ভুৱা তথ্যৰে কৃষ্ণ লস্কৰে বিক্ৰী কৰিছিল।কৃষ্ণ লস্কৰক এই কামত সহায় কৰি কামপুৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ দালাল তথা কামপুৰ পৌৰ সভাৰ অন্তৰ্গত মাজৰআটি গাঁৱৰ বিগত পৌৰ সভা নিৰ্বাচনত পৰাজিত প্ৰাৰ্থী ৰাম কৃষ্ণ শইকীয়াই (জান)।

পিছত এই সম্পৰ্কত দিগন্ত গোস্বামীয়ে আৰক্ষী সঞ্চালক প্ৰধান  জি পি সিংৰ ওচৰত বিষয়টো তদন্তৰ বাবে অভিযোগ দাখিল কৰে।এই অভিযোগৰ ভিত্তিত কামপুৰ আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰি শনিবাৰে কামপুৰ -বৰ'কলা পথৰ প্ৰৱঞ্চক মাটি ক্ৰয় কৰোতা নৃপেন হাজৰীকাক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰন কৰে।

ইতিমধ্যে অভিযুক্ত নৃপেন  হাজৰীকাৰ লগতে   কৃষ্ণ লস্কৰ আৰু ৰামকৃষ্ণ শইকীয়াৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।বৰ্তমান কৃষ্ণ লস্কৰ আৰু ৰামকৃষ্ণ শইকীয়া পলায়ন কৰা বুলি জনা গৈছে ।জানিব পৰা মতে ভাৰতীয় দণ্ড বিধি আইনৰ গোচৰ১২০(B)/৪২০/৪৬৮/৪৭১আৰু কামপুৰ  থানাৰ গোচৰ নং ১২৭/২০২৩  তাং২১-৭-২০২৩ মতে একগোচৰ ৰুজু কৰি কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইফালে কামপুৰৰ উপ - পঞ্জীয়কৰ কাৰ্যালয়ত  সংঘটিত এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুয়াকে ধৰি কামপুৰৰ বিভিন্ন সংগঠনে ।

Also Read: হে আৰক্ষী! অন্তত খাকী পোচাকযোৰৰ সন্মান ৰাখক...

Assam police