কামপুৰত আজিও অপৰিবৰ্তিত বান পৰিস্থিতিঃ কপিলীৰ পিছত নিশাৰীৰ সংহাৰ

মধ্য অসমত ত্ৰাসৰ সৃষ্টি কৰিছে পাহাৰীয়া নৈ বৰপানী আৰু কপিলীয়ে। দুয়োখন নৈ কামপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত কামপুৰ, কঠীয়াতলী, গৰুবাট, জৰবাৰী মৌজাৰ অধিকাংশ গাঁৱতে সংহাৰ সৃষ্টি কৰে।

author-image
Asomiya Pratidin
New Update
কামপুৰত আজিও অপৰিবৰ্তিত বান পৰিস্থিতিঃ কপিলীৰ পিছত নিশাৰীৰ সংহাৰ

ডিজিটেল সংবাদ কামপুৰঃ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পিছত মধ্য অসমত ত্ৰাসৰ সৃষ্টি কৰিছে পাহাৰীয়া নৈ বৰপানী আৰু কপিলী নৈয়ে।দুয়োখন নৈ কামপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত কামপুৰ, কঠীয়াতলী, গৰুবাট আৰু জৰবাৰী মৌজাৰ অধিকাংশ গাঁৱতে সংহাৰ সৃষ্টি কৰে।

Advertisment

আনফালে আজিৰ পৰা কপিলীৰ আন এখন উপনৈ নিশাৰীও ফেনে ফুটুকাৰে বাঢ়ি আহাত তেঁতেলীসৰা, কঠীয়াতলী, জুমৰমুৰ পঞ্চায়তৰ বহু গাঁৱৰ কৃষি ভূমিকে ধৰি ঘৰ-পথ আদিৰ ব্যাপক ক্ষতি সাধন হোৱাৰ সম্ভৱনাই দেখা দিছে। বছৰৰ এই প্ৰথমটো বানত মধ্য অসমৰ শতাধিক ৰাজহ গাওঁ বানৰ কবলত পৰিছে। 

উল্লেখ্য যে  বছৰৰ প্ৰথমটো বানত  কামপুৰ ৰাজহ চক্ৰৰ ৭৬ খন আৰু ৰহা ৰাজহ চক্ৰৰ ২০ ৰাজহ গাওঁ বৰ্তমান বানৰ কবলত পৰা বুলি জনা গৈছে। এই গাঁওবোৰৰ বানাক্ৰান্তই ওখ ঠাই, বিদ্যালয় ৰাজহুৱা স্থানত আশ্ৰয়ৰ লৈছে ।

বান শিবিৰত উপস্থিত হৈ সকলো সুবিধা কৰাৰ আশ্বাস ৰহা ৰাজহ চক্ৰ বিয়য়া সুপ্ৰভা ৰায়ৰ লগতে ৰহাৰ বিধায়ক শশী কান্ত দাসৰ। নগাওঁ জিলাৰ কামপুৰত কপিলীৰ জলপৃষ্ঠ কমিবলৈ ধৰাৰ বিপৰীতে  বর্তমানেও কামপুৰৰ বহু ঠাইত  বান পৰিস্থিতি অপৰিবর্তিত হৈ আছে। 

কপিলীৰ বাঢ়নী পানীয়ে নামনিৰ নতুন নতুন অঞ্চল প্লাৱিত কৰি ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। কামপুৰ বকুলগুৰি, পদুমনি, কুম্ভিৰ ডুবি, ধেমাজি গাওঁ, বাহাকাবাৰী, কুঁৱৰীআটী, আদর্শ গাৱঁকে ধৰি বহুকেইখন গাঁও বর্তমান পানীৰ তলত।

কামপুৰৰ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বাহাকাবাৰী আদর্শ গাঁৱৰ একাংশ লোকে মথাউৰিৰ ওপৰতে আশ্রয় শিবিৰ পাতি দিন কটাবলগীয়া হৈছে। এই বানাক্রান্ত অঞ্চলকেইটাত খাদ্য আৰু খোৱাপানীৰ অভাৱ হোৱা বুলি জানিব পৰা গৈছে। 

বর্তমানলৈকে কামপুৰ ৰাজহ চক্রৰ ৭৬ খন ৰাজহ গাওঁ বানৰ কবলত পৰিছে। ইফালে আজিও কামপুৰ- যমুনামুখ আৰু কামপুৰ-চাংচকী-তুমপ্ৰং গড়কাপ্তানি পথৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে। 

আনহাতে আজি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কেবাটাও বানাক্রান্ত অঞ্চল আৰু শিবিৰ পৰিদর্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে জিলা প্রশাসনৰ তৰফৰ পৰা সকলো সাহায্য প্রদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

বানপানী কামপুৰ