বিহালীৰ বৰগাং নদীৰ বৰজাৰণিত চলিছে অবৈধ খনন

বিহালীৰ বৰগাং নদীৰ বৰজাৰণিত চলিছে অবৈধ খনন। দিনে নিশাই সৰবৰাহ হয় শতাধিক ডাম্পাৰ শিল-বালি। পিছে ইমানৰ পাছতো নিৰৱে আছে বন বিভাগ তথা প্ৰশাসন। 

author-image
Asomiya Pratidin
New Update
বিহালীৰ বৰগাং নদীৰ বৰজাৰণিত চলিছে অবৈধ খনন

বিহালীৰ বৰগাং নদীৰ বৰজাৰণিত চলিছে অবৈধ খনন

ডিজিটেল সংবাদ, বিহালীঃ বিহালীৰ বৰগাং নদীৰ বৰজাৰণিত চলিছে অবৈধ খনন। দিনে নিশাই সৰবৰাহ হয় শতাধিক ডাম্পাৰ শিল-বালি। পিছে ইমানৰ পাছতো নিৰৱে আছে বন বিভাগ তথা প্ৰশাসন। 

Advertisment

বৰগাং আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ৬ নং মহল আৰু ৪ টাকৈ নিৰ্মাণ কোম্পানীয়ে লাভ কৰা মাইনিঙৰ জৰিয়তে বৰগাং নদীৰ বৰজাৰণিত জেচিবি এক্সকেভেটৰে সৃষ্টি কৰিছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীৰ। মাইনিং লাভ কৰা কোম্পানী সমূহে গুৰু গোসাঁই নামানি বৰগাং নদীৰ বুকুত সৃষ্টি কৰা প্ৰকাণ্ড গাতত পৰি ইতিমধ্যে মৃত্যু সাৱটি লৈছে বহু কেইজন লোকে। বন বিভাগৰ চকুত ধুলি দি ম্যাদ উকলি যোৱা চালানৰে নিতৌ সৰবৰাহ কৰিছে শ শ গাড়ীৰে চৰকাৰী ৰাজহ। আনহাতে টেক্টৰ, ডাম্পাৰ চালকৰ মইমতালিত জলা-কলা খোৱাইছে সাধাৰণ লোকক। ইতিমধ্যে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বহু কেইজন পথচাৰিয়ে৷

বিহালী