হাতীমুৰা মথাউৰিলৈ পুনৰ ভাবুকি, শংকিত নৈপৰীয়া ৰাইজ

কলিয়াবৰ হাতীমূৰা মাথাউৰি ভাগি  ২০১৭ আৰু ২০২৪ চনৰ বানৰ মহাপ্ৰলয়ৰ পুনৰাবৃত্তি হ’ব নেকি? এই শংকাই খেদি ফুৰিছে জখলাবন্ধা আৰু কলিয়াবৰবাসী ৰাইজক।

author-image
Asomiya Pratidin
New Update
হাতীমুৰা মথাউৰিলৈ পুনৰ ভাবুকি, শংকিত নৈপৰীয়া ৰাইজ

হাতীমুৰা মথাউৰিলৈ পুনৰ ভাবুকি, শংকিত নৈপৰীয়া ৰাইজ

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ হাতীমূৰা মাথাউৰি ভাগি  ২০১৭ আৰু ২০২৪ চনৰ বানৰ মহাপ্ৰলয়ৰ পুনৰাবৃত্তি হ’ব নেকি? এই শংকাই খেদি ফুৰিছে জখলাবন্ধা আৰু কলিয়াবৰবাসী ৰাইজক। বিগত কিছু দিনধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বহু চৰ্চিত হাতীমূৰা মথাউৰিটোলৈ নামি অহা ভাবুকিয়ে ৰাইজক চিন্তিত কৰি তোলা দেখা গৈছে। 

Advertisment

সোমবাৰৰ পুৱাই মাথাউৰি চাবলৈ ওলাই আহিল অঞ্চলটোৰ ৰাইজ। লক্ষণীয় কথাটো হ'ল, ২০১৭ চনৰ ১২ আগষ্ট আৰু ২০২৪ চনৰ ২ জুলাইত দুবাৰকৈ মাথাউৰি চিগি প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰি কলিয়াবৰত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছিল। বহু পৰিয়াল গৃহহাৰা হৈছিল ৷ সৰ্বস্ব হেৰুৱাই ৰাজপথৰ দাতিত আশ্ৰয় লৈ পশুধনৰ লগত বিনিদ্ৰ ৰজনী কটাইছিল বহুকেইখন গাঁৱৰ দুৰ্ভগীয়া ৰাইজে৷ সেই বানৰ সংহাৰত সকলো হেৰুৱাই আজিকোপতি কঁকাল পোনাব পৰা নাই একাংশ গঞা ৰাইজে।তাহানিৰ সেই দুৰ্দিনৰ দুঃস্বপ্নই খেদি ফুৰাৰ সময়তে লুইতৰ পানী পুনৰ বাঢ়ি অহাৰ লগে লগে পুনৰ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। 

মাজে সময়ে বিভাগীয় মন্ত্ৰী, বিধায়কে মাথাউৰি পৰিভ্ৰমণ কৰি প্ৰদান কৰা অভয়বাণীকে মূলধন হিচাপে লৈ স্বস্তিৰ নিশ্বাস এৰা সৰ্বসাধাৰণ ৰাইজ বৰ্তমান ভীতিগ্ৰস্থ হৈ পৰিছে৷ সম্প্ৰতি মাথাউৰিটোৰ ঠায়ে ঠায়ে বৰষুণৰ পানীয়ে খহাই নিয়াত এতিয়া মেৰামতি কৰাত উঠি পৰি লাগিছে সংশ্লিষ্ট বিভাগ। চিগা মাথাউৰি পুনৰ নিৰ্মাণ কৰা ঠাইত পুনৰ ফাট মেলিছে কিছু অংশত। শেহতীয়া ভাৱে নেৰানেপেৰা বৰষুণ, ধুমুহা বতাহ আৰু নদীৰ বাঢ়নী পানীৰ ফলত কুকুৰাকটা পাহাৰৰ পৰা হাতীমূৰা পাহাৰলৈকে থকা হাতীমূৰা মথাউৰিটো বৰষুণৰ ফলত প্রভাবিত হোৱাৰ পৰিপ্ৰেক্ষিতত তাত অহৰহ ৰক্ষণাবেক্ষণ আৰু মেৰামতি আদিৰ কাম বিভাগীয় মহলে চলাই থকা পৰিলক্ষিত হৈছে।  

শংকিত নৈপৰীয়া ৰাইজ
শংকিত নৈপৰীয়া ৰাইজ

 

ইফালে,মথাউৰিৰ ওপৰেদি পূৰ্বৰ দৰে মানুহ আৰু যান-বাহনৰ চলাচল অব্যাহত থকাত মথাউৰিটোৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতি আদি কামত ব্যাঘাত জন্মাত ইতিমধ্যে  কলিয়াবৰ সমজিলা প্ৰশাসনে এখনি ৰাজহুৱা জাননী প্ৰকাশ কৰিছে। হাতীমূৰা মথাউৰিটোৰ ওপৰেদি সকলোধৰণৰ যান-বাহনৰ চলাচল সমজিলা প্ৰশাসনৰ দ্বাৰা সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে। অৱশ্যে ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেৰিবাকৰি, হাতীমূৰা আদি ঠাইৰ স্থানীয় বাসিন্দাসকলে মাত্র নিতান্ত জৰুৰী কামৰ বাবে অনুমতিসহ খোজকাঢ়ি উক্ত মথাউৰিৰ ওপৰেদি অহাযোৱা কৰাত কোনো বাধা নাথাকিব ।  ইয়াৰ লগতে, সৰ্বসাধাৰণ ৰাইজক, মথাউৰি ভঙা বা আন কোনোধৰণৰ ভ্রামক উৰাবাতৰি সামাজিক মাধ্যম বা আন উৎসৰ জৰিয়তে পাই উত্তেজিত নহ'বলৈও প্ৰশাসনে ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

অসমৰ বানপানী বান কলিয়াবৰ