হে আৰক্ষী! অন্তত খাকী পোচাকযোৰৰ সন্মান ৰাখক...

হে আৰক্ষী! অন্তত খাকী পোচাকযোৰৰ সন্মান ৰাখক...

বৰষা শৰ্মা

চিণ্ডিকেট চলি আছিল, চলি থাকিব। যিমানেই প্ৰশাসনে নাকী লগোৱাৰ চেষ্টা নকৰক কিয় প্ৰায় প্ৰতিদিনেই পোহৰলৈ আহে নতুন নতুন চিণ্ডিকেটৰ কথা। লাহ- বিলাসৰ জীৱন কটোৱা একাংশ লোকৰ আয়ৰ মূল উৎসই হৈছে চিণ্ডিকেট।

আধুনিক এই সময়।আজিৰ দিনত টকা থকা মানুহে এক আৰামদায়ক জীৱন জীয়াই আহিছে। এই আৰাম কিন্তু সহজ নহয়। কষ্ট কৰিলে ৰত্ন পায়। কিন্তু কষ্ট কৰি ৰত্ন পোৱালৈকে ৰখি থকাৰ বাবে আজিৰ লালসা ভৰা দুনীয়াত সময় নাই একাংশৰ। এই আৰামৰ লোভতে বহুতে বক্ৰ পথেৰে টকা ঘটাৰ অবাধ প্ৰতিযোগিতাত নামি পৰে। সমাজ,পদবী, দায়িত্বৰ কথা পাহৰি কেতিয়া লোভৰে আৱৰা এখন পৃথিৱীত সোমাই পৰে গ'মেই নাপায়।

আৰক্ষী বিভাগটোৰ ওপৰত মানুহৰ ভৰসা বৰ বেছি নহয়। বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈ আহিছে অসম আৰক্ষী। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছত এই আৰক্ষী বিভাগটোৰ ওপৰত ৰাইজৰ অলপ বিশ্বাস জন্মিছিল।

কেইবছৰমানৰ পূৰ্বলৈ মানুহৰ মনত এটা ধাৰণা আছিল যে টকা নোহোৱাকৈ কাম নকৰে আৰক্ষীয়ে। ট্ৰেফিক আৰক্ষীৰ পৰা আৰম্ভ কৰি বিভিন্ন বিভাগৰ কামৰ বাবে গ'লে টকা দিব লগা হয়।

শপত গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক যথেষ্ঠ স্বাধীনতা দিছিল। এখনৰ পাছত আন এখন সভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শূন্য সহনশীলতাৰ কথা কৈছিল। গৌৰৱ অনুভৱ কৰিছিল।

কিন্তু খাকী পোচাকত দাগ লগাই এটাৰ পাছত আন এটা বেআইনী কাম কৰি গৈছে একাংশ আৰক্ষী বিষয়াই। শেহতীয়াকৈ পোহৰলৈ আহিছে চুপাৰী চিণ্ডিকেটৰ কথা। চুপাৰী চিণ্ডিকেটৰ ডাঙৰ বজাৰখনত জড়িত আছে শীৰ্ষ পৰ্যায়ৰ একাংশ আৰক্ষী বিষয়া।

চুপাৰী চিণ্ডিকেটত নাম সাঙোৰ খাইছে বজালী আৰক্ষীৰ ৭ জনকৈ আৰক্ষীৰ। চিআইডিয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছে-  ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰি, পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস,ASP গায়ত্রী সোণোৱালৰ দেহৰক্ষী ABC ইনাজামামুল হাছান,গাড়ী চালক দ্বিপজয় ৰয়, বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদ ।

দেওবাৰে বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক স্বামীসহ গ্রেপ্তাৰ কৰাৰ পিছত আৰক্ষী আৰু চুপাৰি ব্যৱসায়ীৰ লিংকমেন কিশোৰ বৰুৱাক গ্রেপ্তাৰ কৰা হৈছে।সম্প্ৰতি এই ঘটনাৰে জড়িত থকা লোকৰ গ্ৰেপ্তাৰৰ সংখ্যা মুঠ ৭গৰাকীলৈকে বৃদ্ধি হয়। ইয়াৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে।

চুপাৰি ব্যৱসায়িক অসম আৰক্ষীৰ এই কেইগৰাকী লোকে ৫ কোটি টকা ধন দাবী কৰাৰ কথা পোহৰলৈ আহিছিল। সদ্য বদলিপ্ৰাপ্ত বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰো নাম সাঙোৰ খাইছে এই সমগ্ৰ কাণ্ডত। কম লাজ লগা কাণ্ডনে এয়া?

এই কাণ্ডই এতিয়া অসম আৰক্ষীৰ লাজ লগা স্বৰূপটো উদঙাই পেলাইছে। খামী ডাঠ কৰি মুখ্যমন্ত্ৰীয়ে অসমত চিণ্ডিকেটৰাজ বন্ধ হৈছে বুলি কলেও তেওঁৱো জানে যে চিণ্ডিকেট বন্ধ হোৱা নাই। এতিয়াও ধনৰ লোভত একাংশ আৰক্ষী বিষয়া চিণ্ডিকেটৰ লগত জড়িত হৈ আছে।

ক্ষমতা কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই কথা জানিও যেন এই সকল আৰক্ষী বিষয়াই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। অসম আৰক্ষীৰ কু কাণ্ডৰ কথা এইবাৰেই যেন পোহৰলৈ আহিছে তেনে নহয়। ইয়াৰ পূৰ্বেও একাংশ আৰক্ষীয়ে বহু নকৰিবলগীয়া কাম কৰি থৈছে।

এতিয়া যেন উপায়হীন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্য চলোৱাত যেন তেওঁ সফল হোৱা নাই। এইবোৰ দৃষ্টি কোণ চালি জাৰি চালে এক সুস্থ আৰু সৱল প্ৰশাসন গঢ়াত মুখ্যমন্ত্ৰী সফল হৈছে বুলি ক'ব পাৰি জানো? আৰক্ষী বিভাগৰ পৰা আৰম্ভ কৰি প্ৰতিটো বিভাগতে এতিয়া কেলেংকাৰী।

মুখ্যমন্ত্ৰীগৰাকীয়ে যিমানেই নকওক কিয় অসম আৰক্ষীৰ ভাল কথা, অসম আৰক্ষীত কিন্তু কু-কাণ্ড হৈয়ে আছে।আৰক্ষী বিভাগৰ কৰ্ম কাণ্ডত চিন্তিত হৈ পৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।

থানাৰ ভিতৰত নাবালিকাৰ কাপোৰ খোলা, থানাৰ পৰা কয়দী পলোৱা, ভুৱা এনকাউন্টাৰ, দালালি সকলোতে যেন এতিয়া অসম আৰক্ষীৰে নাম। মুখ্যমন্ত্ৰীয়েও জানে চিণ্ডিকেট বন্ধ নহয়। কেৱল সলনি হৈছে মানুহ। এজন গৈছে আনজন সোমাইছে।

শক্তিশালী আৰু ক্ষমতাবান মুখ্যমন্ত্ৰীৰ থকাৰ পাছতো কিয় হ'বলৈ পাইছে? প্ৰতিটো ক্ষেত্ৰতে মাত মতা মুখ্যমন্ত্ৰীৰ যেন কৰবাত মুখৰ মাত হেৰাইছে। অৰাজকতাৰ সৃষ্টি হৈছে সকলোফালে। মুখ্যমন্ত্ৰীয়ে কৈছে- আৰক্ষীৰ চৰিত্ৰ সলনি হ'ব লাগিব। কিন্তু সলনি হ'ব জানো আৰক্ষীৰ চৰিত্ৰ?

চিণ্ডিকেটত নাম সাঙোৰ খোৱা কেইবাগৰাকীক ৰিজাৰ্ভ ক্লজ দিয়া হৈছে, আৰু কেইবাগৰাকীক বদলি কৰা হৈছে। কিন্তু ইয়াতেই জানো দায়িত্ব শেষ। উচিত তদন্ত হ'ব লাগে এই চিণ্ডিকেটৰ আৰু উচিত ব্যৱস্থা ল'ব লাগে।

প্ৰশাসনে ব্যৱস্থা লওক নলওক, ছিণ্ডিকেটৰাজ কলৈকে বিয়পি আছে সেয়া মানুহে বুজিলে। যাৰ ওচৰত ৰাইজে সুৰক্ষিত অনুভৱ কৰিব লাগে সেই আৰক্ষীয়েই যেন বুজাই দিছে সমাজ সুৰক্ষিত নহয় একাংশ কালিমা লগা আৰক্ষীৰ হাতত।

এনে নহয় যে প্ৰতিগৰাকী আৰক্ষীয়ে এনেকুৱা। এতিয়াও বিভাগটোত সৎ আৰু দক্ষ আৰক্ষী বিষয়া আছে, যিয়ে জনতাৰ বাবে অহৰহ কাম কৰি গৈছে। বহু লোকৰ সপোন এই খাকী পোচাকযোৰ। বহু কষ্ট, সাধানা আৰু ভাগ্যৰ বলত লাভ কৰে এই পোচাকযোৰ। কলংকৰ দাগ লগোৱাৰ আগতে আৰক্ষী বিষয়া সকলে ভৱা উচিত খাকী পোচাকযোৰৰ সন্মানৰ কথা...

হে আৰক্ষী! অন্তত খাকী পোচাকযোৰৰ সন্মান ৰাখক...
পোহৰৰ দিশে এখোজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in