/asomiyapratidin/media/media_files/2025/06/02/tWxtfBe1xM35ARt5jnxB.jpg)
বিজেপি চৰকাৰৰ বহু কেলেংকাৰী ফাদিল কৰিবলগীয়া আছে
ডিজিটেল সংবাদ, মৰিগাঁওঃ অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি গৌৰৱ গগৈক মৰিগাঁও জিলা কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বাৰপুজীয়াত জনায় উষ্ম আদৰণি।
গৌৰৱ গগৈয়ে সদৰি কৰে, "আমাৰ দায়িত্ব বহুত বাঢ়িছে, যিহেতু ৰাইজে আমাক যথেষ্ট ভৰসা কৰিছে। এতিয়া আমাৰ কৰ্তব্য, ৰাইজৰ ভৰষাৰ বিনিময়ত আৰু দুগুণ কষ্ট কৰিব লাগিব। ৰাইজৰ বিষয়বোৰ উল্লেখ কৰি বৰ্তমান চৰকাৰৰ কেলেংকাৰী ফাদিল কৰি আমি আগুৱাই যাম।"
আনহাতে নতুন প্ৰজন্মক উদ্দেশ্যি সাংসদগৰাকীয়ে মন্তব্য কৰে যে, "আমি সমাজৰ প্ৰত্যেক বৰ্গক গুৰুত্ব দিওঁ। নৱ প্ৰজ্জন্মই চাকৰি বিচাৰে আৰু বৰ্তমান চৰকাৰে বন্দুক পিষ্টল দিবলৈ বিচাৰিছে।" "বয়োজ্যেষ্ঠ সকলে চিকিৎসা বিচাৰে, ঔষধ বিচাৰে, বৰ্তমান চৰকাৰে দৰৱৰ দাম বৃদ্ধি কৰিছে। মহিলা লগতে গাঁৱৰ খেতিয়ক সকলোকে আমি গুৰুত্ব দিওঁ আৰু অনাগত দিনত সকলোৰে ওচৰত গৈ আমি সু-পৰামৰ্শ বিচাৰিম। বৰ্তমান আমাৰ বিজেপি চৰকাৰৰ বহু কেলেংকাৰী ফাদিল কৰিব লগীয়া আছে, মিত্ৰতাৰ ওপৰত চিন্তা কৰিবলগীয়া আছে। সকলো আমি মধ্যস্থতাকাৰিৰ দ্বাৰা কথা পাতিম" বুলিও উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতিগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us