মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ব্ৰিটেইনছ গট টেলেণ্টৰ দ্বিতীয় ৰাণাৰ্ছ আপ বিনীতা চেত্ৰীৰ

ব্ৰিটেইনছ গট টেলেণ্ট ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰি দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰা বিনীতা চেত্ৰীয়ে আজি অভিভাৱকৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ব্ৰিটেইনছ গট টেলেণ্টৰ দ্বিতীয় ৰাণাৰ্ছ আপ বিনীতা চেত্ৰীৰ

ডিজিটেল ডেস্কঃ ব্ৰিটেইনছ গট টেলেণ্ট ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰি দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰা বিনীতা চেত্ৰীয়ে আজি অভিভাৱকৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। মাত্ৰ ৯ বছৰ বয়সতে ব্ৰিটেইনছ গট টেলেণ্টৰ দৰে ৰিয়েলিটী শ্ব’ৰ নিজৰ প্ৰতিভাৰে জিলিকি উঠা বিনীতাৰ জৰিয়তে গৌৰৱাম্বিত হ’ল অসমো।

Advertisment

বিশ্বজুৰি চৰ্চিত হৈ পৰা বিনীতাই অভিভাৱক তথা গোৰ্খা সম্প্ৰদায়ৰ কেইবাজনো নেতৃত্বৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ শৰ্মাক দিছপুৰস্থিত অসম লোকসেৱা ভৱনত সাক্ষাৎ কৰাৰ সময়ত স্বভাৱসুলভ সৰলতাৰেই এখন ফুলাম গামোচা আৰু ধাকা টুপীৰে সম্বৰ্ধনা জ্ঞাপন কৰে। 

মুখ্যমন্ত্ৰী ড০ শৰ্মায়ো বিনীতাক কোলাত লৈ তেওঁক এই সফলতাৰ বাবে আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি এই বিশ্বমুখী যাত্ৰা সন্দৰ্ভত কিছু মত বিনিময় কৰে। এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত লিখিছে এইদৰে-

''প্ৰচুৰ সম্ভাৱনাৰে পূৰ্ণ আমাৰ অতি মৰমৰ বিনীতা ছেত্ৰী এতিয়া দেশবাসীৰে নয়নৰ মণি৷ ব্ৰিটেইনছ গট টেলেণ্ট শীৰ্ষক ৰিয়েলিটী শ্ব'ত দেখুওৱা দুৰ্দান্ত নৃত্যৰে বিশ্বৰ বুকুত মুকুতাৰ দৰে জিলিকি উঠা কণমানি বিনীতাক আজি দিছপুৰৰ লোকসেৱা ভৱনত লগ পাই আনন্দিত হ'লোঁ৷

বিনীতালৈ…

তোমাৰ সোণসেৰীয়া যাত্ৰা সীমাৰ পৰিধি ভাঙি বহুদূৰ আগবাঢ়ক৷ বিশ্বৰ হিয়াৰ আমঠু হোৱা তোমাৰ প্ৰতিভাৰ দ্বাৰা৷ অসমবাসীৰ মৰম-শুভেচ্ছা-আশিস তোমাৰ শিৰত সদায়েই থাকিব৷ বহুত মৰম৷''

তাৰোপৰি ড০ শৰ্মাই বিনীতাক চৌতা পকেট, বড়া ধামাকা বুলিও আখ্যা দিয়ে।

বিনিতা ছেত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা