তিনিদিনে শুংসূত্ৰ নাই নিৰুদ্দিষ্ট কলেজীয়া ছাত্ৰগৰাকীৰ

বিগত তিনিদিন ধৰি কোনো ধৰণৰ শুংসূত্ৰ নাই নিৰুদ্দেশ হোৱা কলেজীয়া ছাত্ৰজনৰ। নিৰুদ্দিষ্ট ছাত্ৰগৰাকী চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত নেপালপাৰাৰ বাসিন্দা পৰাণ আলীৰ পুত্ৰ আশ্ৰাফুল হক (১৮) বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
কেটিএম মটৰচাইকেল নোপোৱাৰ বাবেই ৰহস্যজনকভাবে নিৰুদ্দেশ ছাত্ৰ 4:33

কেটিএম মটৰচাইকেল নোপোৱাৰ বাবেই ৰহস্যজনকভাবে নিৰুদ্দেশ ছাত্ৰ 4:33

ডিজিটেল সংবাদ, চিৰাং: পিতৃ মাতৃৰ পৰা দাবী কৰা সা-সামগ্ৰী নাপালে সন্তানে জন্মদাতাকো কিদৰে মানসিক হাৰাশাস্তি কৰে তেনেকুৱা এক ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। চিৰাঙত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। পিতৃৰ পৰা দাবী কৰা কেটিএম মটৰচাইকেল নোপোৱাৰ বাবেই চিৰাঙৰ এগৰাকী কলেজীয়া ছাত্ৰ ৰহস্যজনক ভাৱে নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈছে। 

Advertisment

বিগত তিনিদিন ধৰি কোনো ধৰণৰ শুংসূত্ৰ নাই নিৰুদ্দেশ হোৱা কলেজীয়া ছাত্ৰজনৰ। নিৰুদ্দিষ্ট ছাত্ৰগৰাকী চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত নেপালপাৰাৰ বাসিন্দা পৰাণ আলীৰ পুত্ৰ আশ্ৰাফুল হক (১৮) বুলি জানিব পৰা গৈছে। নিৰুদ্দেশ হোৱা আশ্ৰাফুল হক বঙাইগাঁৱৰ এআইএম একাডেমীৰ বিজ্ঞান শাখাত অধ্যয়নৰত ছাত্ৰ।

 ঘটনা সন্দৰ্ভত পিতৃ পৰাণ আলীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, পুত্ৰ আশ্ৰাফুল হকে কিছুদিন আগৰ পৰা এখন নতুন কেটিএম মটৰচাইকেল ক্ৰয় কৰি দিয়াৰ বাবে খাটনি ধৰিছিল। কিন্তু আৰ্থিক দিশত দুৰ্বল পিতৃয়ে প্ৰায় ৩/৪ লাখ টকীয়া মূল্যৰ কেটিএম মটৰচাইকেলখন ক্ৰয় কৰিব পৰাকৈ সমৰ্থবান নাছিল। যাৰবাবে অলপ সময় বিচাৰি পিছত কিনি দিব বুলি পুত্ৰক কৈছিল। কিন্তু পিতৃৰ এই কথা আশ্বাসত লব নোৱাৰি আশ্ৰাফুল হকে বিগত ৩১ মে' শনিবাৰে বিয়লি ভাগত বন্ধুৰ সৈতে আন এটা মটৰচাইকেলত ঘৰৰ পৰা ওলাই আহে আৰু সিদিনাৰ পৰাই আশ্ৰাফুল হক নিৰুদ্দেশ হৈ আছে। ঘটনা সংক্ৰান্তত পিতৃ পৰাণ আলীয়ে দেওবাৰে কাজলগাঁও থানাত এখন নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ পঞ্জীয়ন কৰিছে যদিও বাতৰি যুগুত কৰা পৰ্যন্ত নিৰুদ্দেশ ছাত্ৰ জনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

চিৰাং আৰক্ষী চিৰাং