সাহিত্যচাৰ্য বসন্ত কুমাৰ ভট্টাচাৰ্যলৈ অসম সাহিত্য সভাৰ কথা সাহিত্য বঁটা

অসম সাহিত্য সভাই অসমীয়া কথা সাহিত্যৰ জনক ভট্টদেৱৰ সোঁৱৰণত প্ৰদান কৰি অহা 'কথা সাহিত্য বঁটা-২০২৫' এইবাৰ আগবঢ়াইছে সাহিত্যচাৰ্য (ড০) বসন্ত কুমাৰ ভট্টাচাৰ্যলৈ।

author-image
Asomiya Pratidin
New Update
সাহিত্যচাৰ্য বসন্ত কুমাৰ ভট্টাচাৰ্যলৈ অসম সাহিত্য সভাৰ কথা সাহিত্য বঁটা

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাই প্ৰদান কৰি অহা কথা সাহিত্য বঁটা-২০২৫ এইবাৰ আগবঢ়াইছে সাহিত্যচাৰ্য (ড০) বসন্ত কুমাৰ ভট্টাচাৰ্যলৈ। উল্লেখ্য যে, অসম সাহিত্য সভাই অসমীয়া কথা সাহিত্যৰ জনক শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভট্টাচাৰ্য (ভট্টদেৱ)ৰ সোঁৱৰণত প্ৰদান কৰি আহিছে এই বঁটা। 

Advertisment

সভাই এইবাৰ সাহিত্য সংস্কৃতিৰ বৰ্ণিল ক্ষেত্ৰখনলৈ আগবঢ়োৱা অসাম্য অৱদানৰ বাবে সাহিত্যচাৰ্য (ড০) বসন্ত কুমাৰ ভট্টাচাৰ্যলৈ এই বঁটা আগবঢ়াইছে। অহা ৪ জুন, ২০২৫ বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰিব। 

অসম সাহিত্য সভা