/asomiyapratidin/media/media_files/2025/06/02/kVCQhY3ZCKsFAS95lP2Z.jpg)
দিন দুপৰতে চুৰিকাণ্ড, চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য
ডিজিটেল সংবাদ,পাঠশালাঃ পাঠশালাত দিন দুপৰতে সংঘটিত হৈছে চুৰিকাণ্ড। এখন দুচকীয়া বাহনৰ বাকচ ভাঙি ৬০ হাজাৰ টকা লুটি নিলে দুবৃত্তই। এই সমগ্ৰ ঘটনা বন্দী হ'ল চিচিটিভি কেমেৰাত।
বজালীৰ শিঙীমাৰীৰ হৰেকৃষ্ণ ঠাকুৰীয়াই বেংকৰ পৰা উলিয়াই আনিছিল ৭০ হাজাৰ টকা। ইয়াৰে ১০ হাজাৰ টকা পেকেটত থৈ বাকী ৬০ হাজাৰ টকা স্কুটীৰ পিছৰ বক্সত থৈছিল। কিন্তু স্কুটীখন ৰখাই থোৱাৰ কিছু সময় পিছতে বক্স ভাঙি অচিনাকী দুবৃত্তই লুটি নিলে নগদ ৬০ হাজাৰ টকা। পৰৱৰ্তী সময়ত ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া। আনহাতে, ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষী থানাত ভুক্তভোগীয়েও দাখিল কৰিছে এজাহাৰ। দিন দুপৰতে আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজত সংঘটিত এনেকুৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।