"প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয় আঁচনিত দুৰ্নীতি": হাগ্ৰামা..

অব্যাহত আছে হাগ্ৰামাৰ জনজাগৰণ আৰু পদযাত্ৰা..

author-image
Asomiya Pratidin
New Update
"প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয় আঁচনিত দুৰ্নীতি": হাগ্ৰামা..

ডিজিটেল সংবাদ, কোকৰাঝাৰ: বিটিআৰৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰু দোতমা পৰিষদীয় সমষ্টিত দেওবাৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ দুখনকৈ জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়। হাগ্ৰামা মহিলাৰী উপস্থিত থকা এই জনসভা তথা পদযাত্ৰাত সংগ দিয়ে শ-শ জনতাই।

Advertisment

মহিলাৰীয়ে প্ৰথমে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিত পদযাত্ৰা কাৰ্যসূচীত আৰু পুৰাণ বজাৰৰ হাইস্কুল খেলপথাৰত এক জনজাগৰণ সভাত অংশ লয় ৷ ইয়াৰ পাছত পুনৰ দোতমা পৰিষদীয় সমষ্টিৰ দোতমাৰ থুলংগাপুৰী খেলপথাৰত এক বিশাল পদযাত্ৰা আৰু জনজাগৰন সভাত অংশ লয় হাগ্ৰামা মহিলাৰীয়ে ৷ মহিলাৰীয়ে দুয়োখন সভাত অংশগ্ৰহণ কৰি বিটিচিত শাসনৰ দায়িত্বত থকা প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ আৰু ভাষণ প্ৰসংগত মহিলাৰীয়ে প্ৰমোদ বড়োক কতাক্ষ সমালোচনা কৰে।

ফকিৰাগ্ৰাম আৰু দোতমাৰ জনজাগৰন সভাত বিপিএফৰ উপ সভাপতি খাম্পা বৰগয়াৰী, ছালাকাটি সমষ্টিৰ পাৰিষদ দেৰহাচাৎ বসুমতাৰী, দোতমাৰ পাৰিষদ প্ৰকাশ বসুমতাৰী আৰু বিপিএফৰ জেষ্ঠ্য নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম লগতে বহু দলীয় নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে, কাইলৈ গোসাইগাঁও মহকুমাৰ শৰাইবিল আৰু কচুগাঁওত অনুষ্ঠিত হ'ব বিপিএফৰ জনজাগৰন আৰু পদযাত্ৰা ৷

Also Read: প্ৰকাশ পালে বন্যহস্তী মৃত্যুৰ তথ্য...

hagrama mahilari