প্ৰকাশ পালে বন্যহস্তী মৃত্যুৰ তথ্য...

প্ৰকৃততে কিমান সুৰক্ষিত বন্যপ্ৰণী..
প্ৰকাশ পালে বন্যহস্তী মৃত্যুৰ তথ্য...

ডিজিটেল ডেস্ক: চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে গুৰুত্ব বৃদ্ধি কৰাৰ পিছতো, মানুহ-জন্তুৰ সংঘৰ্ষৰ খবৰ আহিয়েই থাকে। যাৰ পৰিপ্ৰেক্ষিতত আন আন বছৰৰ বোৰৰ লগতে বিগত বছৰতো মানুহ-জন্তুৰ সংঘৰ্ষত উমৈহতীয়া প্ৰাণ হানিৰ উদাহৰণ আছে।

আৰু এনে সময়তে, দেশত বিগত তিনি বছৰত হোৱা বন্যহস্তীৰ মৃত্যুৰ তথ্য প্ৰকাশ পাইছে। বিদ্যুৎস্পৃষ্ট হোৱা, বিষক্ৰিয়াৰ পৰা দুৰ্ঘটনালৈকে বিভিন্ন কাৰণত দেশত অন্য বন্যপ্ৰাণীৰ লগতে যথেষ্ট সংখ্যক হাতীয়ে প্ৰাণ হেৰুৱাইছে। পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০১৯-২০ আৰু ২০২১-২২ বৰ্ষৰ ভিতৰত বিদ্যুৎস্পৃষ্ট হোৱাৰ লগতে বিভিন্ন কাৰণত যথেষ্ট সংখ্যক হাতীৰ মৃত্যু হৈছে। প্ৰকাশিত তথ্য অনুসৰি সমগ্ৰ দেশত বিদ্যুৎস্পৃষ্ট হৈ মুঠ ১৯৮ টা হাতী,  ৰে'ল দুৰ্ঘটনাত ৪১ টা,  চোৰাং চিকাৰীৰ দ্বাৰা ২৭ টা আৰু একে সময়তে বিষক্ৰিয়াৰ ফলত ৮ টা হাতীৰ মৃত্যু হয়।

আনহাতে বন্য হস্তীৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দেশত কেইবাজনো লোকে মৃত্যুক আকোঁৱালি লয়। তথ্য মতে, হাতীৰ আক্ৰমণত তিনি বছৰত ১,৫৭৯ জন মানুহে মৃত্যুক সাবতি ল’ব লগা হৈছে। ইয়াৰে ২০১৯-২০ বৰ্ষত ৫৮৫ জন,  ২০২০-২১ বৰ্ষত ৪৬১ জন আৰু ২০২১-২২ বৰ্ষত ৫৩৩ জন। আকৌ ৰাজ্যসমূহৰ ক্ষেত্ৰত, উৰিষ্যাত সৰ্বাধিক ৩২২ জন, ঝাৰখণ্ডত ২৯১ জন,  পশ্চিম বংগত ২৪০ জন,  অসমত ২২৯ জন,  ছত্তীশগড়ত ১৮৩ জন আৰু তামিলনাডুত ১৫২ জন লোকৰ মৃত্যুৰ তথ্য নথিভুক্ত কৰা হৈছে।

হাতীৰ মৃত্যুৰ ক্ষেত্ৰত,  বিদ্যুৎস্পৃষ্ট হৈ হোৱা ১৯৮ টা হাতীৰ মৃত্যুৰ ভিতৰত অসমত ৩৬ টা, উৰিষ্যাত ৩০ টা আৰু তামিলনাডুত ২৯ টা মৃত্যু নথিভুক্ত কৰা হৈছে। আনহাতে ৰে’ল দুৰ্ঘটনাত মৃত্যুক সাবতি লোৱা হাতীৰ সংখ্যা অসমত আছিল সংখ্যাসৰ্বাধিক; বিগত বছৰ কেইটাত ১৫ৰ পৰা ১০ টা হাতীয়ে অসমত ৰে’ল দুৰ্ঘটনাৰ ফলত মৃত্যুক সাবতি লয়। এইক্ষেত্ৰত ৮ টা হাতীৰ মৃত্যুয়ে দ্বিতীয় স্থানত উৰিষ্যা আৰু ৫ হাতীৰ মৃত্যুৱে পশ্চিম বংগ তৃতীয় স্থানত থকাৰ তথ্য প্ৰকাশ পাইছে। ইপিনে মেঘালয়ত চোৰাং চিকাৰৰ কবলত পৰি হাতীৰ মৃত্যু সৰ্বাধিক আছিল ১১ টা,  আকৌ বিষক্ৰিয়াৰ ফলত হোৱা মৃত্যু অসমত সৰ্বাধিক আছিল ৭ টা।

সেয়েহে, পৰিৱেশ আৰু বন সম্পৰ্কীয় সংসদৰ স্থায়ী সমিতিয়ে মাৰ্চ, ২০২৩ ৰ প্ৰতিবেদনত মানুহ-জন্তুৰ সংঘৰ্ষৰ প্ৰতি লক্ষ্য ৰাখে। সমিতিখনে উল্লেখ কৰে যে বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কীয় মন্ত্ৰালয়ৰ পদক্ষেপৰ বাবে “প্ৰকল্প বাঘ” আৰু “প্ৰকল্প হাতী” গুৰুত্বপূৰ্ণ।  কেৱল পাৰিপাৰ্শ্বিক দৃষ্টিকোণৰ পৰাই নহয়,  সামাজিক আৰু অৰ্থনৈতিক মূল্যৰ বাবেও এই পদক্ষেপ গ্ৰহণ কৰা উচিত। গতিকে হাতী সংৰক্ষণত মনোযোগ তথা সমন্বয় আৰু সংঘাত হ্ৰাস কৰাৰ বাবে গুৰুত্ব আৰোপ কৰি হাতীৰ বাসস্থানক 'হাতী সংৰক্ষণ'  হিচাপে জাননী জাৰি কৰি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথা ব্যক্ত কৰে মন্ত্ৰণালয়ে। মন্ত্ৰালয়ত গঠন কৰা পৰিচালনা সমিতিৰ অনুমোদনত এই অধিসূচনা জাৰি কৰা হয়। উল্লেখ্য যে, এতিয়ালৈকে বন্যহস্তী প্ৰধান ৰাজ্যসমূহত ৩২ টা হাতীৰ ভাণ্ডাৰ স্থাপন কৰা হৈছে।

প্ৰকাশ পালে বন্যহস্তী মৃত্যুৰ তথ্য...
প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত শিৱসাগৰৰ ছাত্ৰ নগাওঁ আৰক্ষীৰ জিম্মালৈ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in