১০ বছৰৰ অন্তত অৱশেষত মুকলি হ'ল ধেমাজিৰ কোটিটকীয়া ষ্টেডিয়াম

অৱশেষত মুকলি হ'ল বিগত ১০ বছৰে ধেমাজিত নিৰ্মাণ হৈ থকা কোটিটকীয়া ষ্টেডিয়াম

author-image
Asomiya Pratidin
New Update
১০ বছৰৰ অন্তত অৱশেষত মুকলি হ'ল ধেমাজিৰ কোটিটকীয়া ষ্টেডিয়াম

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাত হোৱা প্ৰলয়ংকাৰী বানপানীৰ সময়ত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিগত ২০১৩-১৪ বৰ্ষত বানাক্ৰান্ত কেইবাটাও দুৰ্গম অঞ্চল পৰিদৰ্শন কৰিছিল। সেই সময়ত চিচিবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল ১০০কোটি টকীয়া পেকেজৰ কথা।

Advertisment

সেই পুঁজিৰ আঁচনিয়ে ধেমাজি নগৰৰ ৬ নম্বৰ ৱাৰ্ডৰ কোলাপথাৰত নিৰ্মাণ আৰম্ভ কৰি বিগত ১০বছৰে নিৰ্মাণ কৰি থকা ৬কোটি টকীয়া ধেমাজি নগৰৰ দ্বিতীয়টো ইনণ্ডোৰ ষ্টেডিয়াম অৱশেষত মঙ্গলবাৰে আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷ অনুষ্ঠানত কাৰ্যসূচী আৰম্ভ হোৱা পূৰ্বেই উদ্ধোধক মন্ত্ৰীগৰাকীক ফুলাম গামোচাৰে সম্বধৰ্না জনাই ধেমাজি জিলা ক্ৰীড়া বিষয়া মৃদুল দত্তই।

ধেমাজি জিলা ক্ৰীড়া বিভাগৰ শাৰীৰিক পৰিদৰ্শক যতীন বুঢ়াগোহাঁইয়ে আঁত ধৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, আন্তঃৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ ৰজনী দেউৰী আৰু ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা উদ্বোধনী সভাৰ ভাষণত মন্ত্ৰী পেগুৱে ক্ৰীড়াই দেশৰ সন্মান আনিব পাৰে, খেলৰ প্ৰতিভা আমাৰ গাওঁসমূহত বহুতো আছে বুলি উল্লেখ কৰে ৷

উল্লেখ্য ইতিমধ্যে ধেমাজিত বেডমিণ্টন কৰ্ট আছে যদিও কাৰ্যত নতুন শিকাৰুসকলৰ বাবে ঠাইৰ অভাৱ আছিল ৷ এই নতুন ষ্টেডিয়ামখনত বেডমিণ্টন প্ৰশিক্ষণৰ জৰিয়তে নৱ প্ৰজন্মক সুন্দৰকৈ আগবঢ়াই নিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷ উদ্বোধনীৰ সভাৰ পিছতেই মন্ত্ৰী, সাংসদ, জিলা আয়ুক্তই বিশিষ্ট অতিথি আৰু ৰাইজৰ উপস্থিতত বেডমিণ্টন আৰু টেবুল টেনিচ খেলি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

Also Read: ৫৫ বছৰীয়া হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী নেতাজন

GOVT OF ASSAM